অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত অসম চাহ বাগিচা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট - অসম চাহ বাগিচা প্ৰাথমিক শিক্ষক

ৰাজ্য চৰকাৰখনে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় সমূহক কোনো গুৰুত্ব প্ৰদান নকৰাত মঙলবাৰে প্ৰতিবাদত বহি চৰকাৰৰ বিৰূদ্ধে ক্ষোভ উজাৰে সকল শিক্ষকে ।

ডিব্ৰুগড়ত অসম চাহ বাগিচা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট
ডিব্ৰুগড়ত অসম চাহ বাগিচা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট

By

Published : Dec 29, 2020, 9:38 PM IST

ডিব্ৰুগড়,29 ডিচেম্বৰঃমঙলবাৰে ডিব্ৰুগড়ত দেখা গ'ল অন্য এক পৰিবেশ । বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠদান কৰাৰ পৰিৱৰ্তে অৱস্থান ধৰ্মঘটত দেখা গ'ল ৰাজ্যৰ চাহ বাগিচা প্ৰাথমিক বিদ্যাল়য় শিক্ষক সকলক । ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহি শিক্ষক সকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ।

ডিব্ৰুগড়ত অসম চাহ বাগিচা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰখনে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় সমূহক কোনো গুৰুত্ব প্ৰদান নকৰাত মঙলবাৰে প্ৰতিবাদত বহি চৰকাৰৰ বিৰূদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে । ইপিনে ৰাজ্যৰখনৰ তিনিশৰো অধিক চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে কেৱল দৈনিক মজুৰি হিচাপে লাভ কৰে দৰমহা ৷ তাৰোপৰি এনে বিদ্যাল়য়সমূহত নাই কোনো ধৰণৰ সা-সুবিধা ৷ সময় মতে লাভ নকৰে চৰকাৰৰ পৰা শিক্ষাৰ্থীৰ কিতাপ-বহী । যাৰ বাবে এতিয়া সমস্যাত ভূগি আন্দোলনত বহিছে এই সকল শিক্ষক ।

লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

ABOUT THE AUTHOR

...view details