গুৱাহাটী, ৭ জুলাই :কোনো কাৰণতে অসমত মদৰ দোকানৰ সংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব । এই হুংকাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ । ৰাজ্যত নতুনকৈ দুই হাজাৰ সুৰাৰ বিপণী খোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ । শুকুৰবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে মদৰ দোকানৰ অনুজ্ঞা-পত্ৰ পুনৰ বৃদ্ধি কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্যাসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক 'শকুনি মামা' আখ্যা দি প্ৰতিবাদকাৰীসকলে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । আনহাতে, প্ৰদেশ মহিলা কংগ্ৰেছে প্ৰতীকী ৰূপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সুৰাৰ বটলৰ মালা পিন্ধাই ব্যংগাত্মকভাৱে সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে যুৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব । চৰকাৰে ৰাহজ লাভৰ বাবে ৰাজ্যজুৰি সুৰাৰ বন্যা বোৱাব বিচাৰিছে ।