অসম

assam

ETV Bharat / state

চৰকাৰৰ নতুন থলুৱা বিৰোধী ভূমি নীতিৰ বিৰোধিতা সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ - Assam assembly

ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা নতুন ভূমি নীতিকলৈ বৰ্তমান সৰ্বত্ৰে প্ৰতিবাদ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে এই ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । থলুৱা ৰাইজৰ খেতিৰ মাটি বণিয়াক গতাই দিব বিচৰা কাৰ্যত ক্ষুন্ন সংগঠনটো ।

Protest by All Asom Goriya yubo chatra parisad in Guwhati

By

Published : Jul 3, 2020, 10:27 PM IST

গুৱাহাটী, ৩ জুলাই :ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা নতুন ভূমি নীতিকলৈ বৰ্তমান সৰ্বত্ৰে প্ৰতিবাদ সৃষ্টি হৈছে । কৃষি ভূমি বণিয়াই সহজে হস্তক্ষেপ কৰিব পৰা কাৰ্য সহজভাৱে ল'ব পৰা নাই বিভিন্ন দল সংগঠনে ।

বিভিন্ন দল-সংগঠনৰ লগতে এই ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে । থলুৱা ৰাইজৰ খেতিৰ মাটি বণিয়াক গটাই দিব বিচৰা কাৰ্যত ক্ষুন্ন সংগঠনটো ।

চৰকাৰৰ নতুন থলুৱা বিৰোধী ভূমি নীতিৰ বিৰোধিতা সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

আনহাতে, এই ভূমি নীতি খিলঞ্জীয়া বিৰোধী বুলি উল্লেখ কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনে । চৰকাৰক শীঘ্ৰে এই নীতি বাতিল কৰি থলুৱা কৃষকক বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে । এই চৰকাৰে কেৱল বনিয়াৰ স্বাৰ্থতে কাম কৰি আহিছে বুলিও কয় সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনে ।

লগতে পঢ়ক : যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ’ণাতংক

ABOUT THE AUTHOR

...view details