অসম

assam

ETV Bharat / state

৪৮ ঘণ্টীয়া অনশন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ - গুৱাহাটী বিশ্ববিদ্যালয়

অসাংবিধানিক,অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সমাজে সদায়েই সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । চৰকাৰে অসমীয়াৰ আবেগ অনুভূতিক ভৰিৰে মোহৰা কাৰ্যক স্বৈৰাচাৰী আখ্যা দিয়ে ছাত্ৰ সমাজে ৷

গুৱাহাটী
৪৮ ঘণ্টীয়া অনশন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ

By

Published : Dec 16, 2019, 11:27 PM IST

গুৱাহাটী,16 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত মহানগৰীৰ সাতমাইলত গণ অনশন। জালুকবাৰী, গাড়ীগাঁও,সদিলাপুৰ,সুন্দৰবড়ী আদি অঞ্চলৰ ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ। কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ চলাই নিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়টো ছাত্ৰ সমাজে ৪৮ ঘণ্টীয়া অনশনত বহে। অসাংবিধানিক,অগণতান্ত্ৰিক নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সমাজে সদায়ে সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। চৰকাৰে অসমীয়াৰ আবেগ অনুভূতিক ভৰিৰে মোহৰা কাৰ্যক স্বৈৰাচাৰী আখ্যা দিয়ে ছাত্ৰ সমাজে। আনহাতে,পশ্চিম বৰাগাঁও,বৰাগাঁৱতো আইনখন বাতিলৰ দাবীত উলিয়াই বিশাল প্ৰতিবাদী সমদল ।

৪৮ ঘণ্টীয়া অনশন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ

ABOUT THE AUTHOR

...view details