ETV Bharat Assam

অসম

assam

ETV Bharat / state

তিনিদিন পাচত কিছু উন্নত মহানগৰীৰ পৰিস্থিতি - নাগৰিকত্ব সংশোধনী আইন 2019

নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা মাজতে ক্ৰমাৎ উন্নত হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ ৷

গুৱাহাটী
তিনিদিন পাচত কিছু উন্নত মহানগৰীৰ পৰিস্থিতি
author img

By

Published : Dec 13, 2019, 5:29 PM IST

গুৱাহাটী, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে বৰ্তমানো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ । সকলোৱে বিভিন্ন ধৰণে সাব্যস্ত কৰিছে প্ৰতিবাদ । সান্ধ্য আইন বলবৎ হৈ থকা অৱস্থাতো অসমীয়াই কৰি গৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ। শুকুৰবাৰে গুৱাহাটীত পদযাত্ৰা কৰি দুই মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ । কেব কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। তাৰোপৰি মহিলা দুগৰাকীক সহযোগ কৰি একাংশ চাইকেলিষ্টে চাইকেল চলাই প্ৰতিবাদ জনাই নাগৰিকত্ব সংশোধনী আইনৰ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ

আনহাতে,আই অসমীক ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছিল প্ৰতিজন অসমীয়া। বিগত তিনিদিন ধৰি অশান্ত হৈ থকা গুৱাহাটী মহানগৰীৰ পৰিস্থিতি শুকুৰবাৰে কিছু উন্নত হৈছে। কিছু ক্ষোভিত লোকে বিভিন্ন ৰাজহুৱা সা-সামগ্ৰী ভাঙি তচনচৰ কৰাৰ লগতে জ্বলাই দিছিল বিভিন্ন সামগ্ৰী। শুকুৰবাৰেও বাহাল আছে সান্ধ্য আইন ।

তিনিদিন পাচত কিছু উন্নত মহানগৰীৰ পৰিস্থিতি

পৰিস্থিতি উন্নত হোৱাত বাহিৰলৈ ওলাই আহিছে সাধাৰণ লোক। ব্যক্তিগত বাহন চলাচল কৰাও দেখিবলৈ পোৱা গ'ল মহানগৰীত। কিন্তু বন্ধ থাকিল দোকান পোহাৰ। ইফালে সেনাৰ নিৰাপত্তা আবেষ্টনীৰ মাজত আছে গুৱাহাটী। সেনাই ফ্লেগমাৰ্চ কৰি আছে মহানগৰীত। ৰাইজে শান্তিপূৰ্ণ আৰু অহিংসা আন্দোলনৰ কৰাৰ আহ্বান জনাইছে সকলো দল সংগঠনৰ নেতৃত্বই ।

তিনিদিন পাচত কিছু উন্নত মহানগৰীৰ পৰিস্থিতি

লগতে চাওকঃ বিয়লি 5 বজাৰ পৰা কোনো আন্দোলন নকৰে আছুৱে

ABOUT THE AUTHOR

...view details