গুৱাহাটী, 10 নৱেম্বৰঃশীঘ্ৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা হ'ব দলং । দলং নিৰ্মাণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি । ইতিমধ্যেই যো-জা চলিছে দলং নিৰ্মাণৰ। কিন্তু এই দলং নিৰ্মাণৰ বাবেই মহানগৰীত চলিব বন ধ্বংস যজ্ঞ । ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ পৰা মাছখোৱাৰ শংকৰদেৱ শিশু উদ্যানলৈ থকা কেইবাশ মূল্যৱান গছ বিভাগীয় কৰ্তৃপক্ষই কাটিব বুলি আশংকা কৰা হৈছে ।
দলং নিৰ্মানৰ বাবে মহানগৰীত কাটিব শ শ গছঃ নাগৰিক সজাগতা মঞ্চৰ প্ৰতিবাদ
দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ শিশু উদ্যানত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰূপায়ন এক সজাগতামূলক প্ৰতিবাদী কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই মঞ্চই ৷
এই খবৰ লাভ কৰাৰ পাচতেই জাঙুৰ খাই উঠিছে মহানগৰীৰ একাংশ সচেতন ৰাইজে । দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ শিশু উদ্যানত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰূপায়ন কৰে এক সজাগতামূলক প্ৰতিবাদী কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই মঞ্চই । তাৰোপৰি পৰিৱেশ সংৰক্ষণৰ কথা কোৱা চৰকাৰে দলং নিৰ্মাণৰ নামত অতি সংগোপনে মূল্যৱান গছ কাটি তহিলং কৰিব বিচৰা কাৰ্যৰ বিৰোধ কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
ইফালে বৰ্তমান প্ৰদূষণে চানি ধৰা সময়ছোৱা গছ কাটি ভয়াৱহ বিপদ কঢ়িয়াই নানিবলৈ চৰকাৰক অনুৰোধ জনালে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে । উল্লেখযোগ্য যে, প্ৰতিদিনেই উদ্যানখনত প্ৰাতঃভ্ৰমণৰ বাবে আহে বহু লোক । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অঞ্চলটো ধ্বংস নকৰিবলৈ চৰকাৰক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনালে গুৱাহাটীৰ সচেতন ৰাইজে ।