অসম

assam

ETV Bharat / state

ৰে'ল ব্যক্তিগতকৰণ: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰে'লৱে কৰ্মচাৰী পৰিষদ - কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰে'লৱে কৰ্মচাৰী পৰিষদ

ভাৰতীয় ৰে'ল আৰু ৰে'লৰ সম্পত্তি ব্যক্তিগতকৰণৰ খবৰ বিয়পি পিচতেই ক্ষোভিত হৈ পৰিছে উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী পৰিষদ ৷ ইয়াৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হ'ল ৰে'লৱে কৰ্মচাৰী পৰিষদ ৷

ৰে'ল ব্যক্তিগতকৰণ
ৰে'ল ব্যক্তিগতকৰণ

By

Published : Jul 19, 2020, 5:56 PM IST

গুৱহাটী, 19 জুলাই:ভাৰতীয় ৰে'ল ব্যক্তিগতকৰণৰ দিশে অগ্ৰসৰ কেন্দ্ৰীয় চৰকাৰ ৷ ইতিমধ্যেই ১০৯ টা পথত ১৫১খন ব্যক্তিগত ৰে'ল চলোৱাৰ যো-জা আৰম্ভ কৰিছে ৰে'ল মন্ত্ৰণালয়ে ৷

মুনীন্দ্ৰ শইকীয়া, সাধাৰণ সম্পাদক, উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী পৰিষদ

ভাৰতীয় ৰে'ল আৰু ৰে'লৰ সম্পত্তি ব্যক্তিগতকৰণৰ খবৰ বিয়পি পিচতেই ক্ষোভিত হৈ পৰিছে উত্তৰ-পূব ৰে'লৱে কৰ্মচাৰী পৰিষদ ৷ যোৱা মে' মাহতে কেন্দ্ৰীয় চৰকাৰক ৰে'ল ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকিয়াই দি ইয়াৰ প্ৰতিবাদত 30 হাজাৰৰো অধিক সদস্যই প্ৰধান মন্ত্ৰীলৈ পোষ্টকাৰ্ড আৰু ই-মেইল প্ৰেৰণ কৰিছিল ৷

ৰে'ল ব্যক্তিগতকৰণ: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰে'লৱে কৰ্মচাৰী পৰিষদ

কিন্তু ইয়াৰ পাচতো বহি নাথাকিল কেন্দ্ৰীয় চৰকাৰ ৷ দেশত চলি থকা কৰ'ণা মহামাৰী কেন্দ্ৰিক পৰস্থিতিৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে যদি ৰে'ল ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়াই দিলে ৰে'লৱে কৰ্মচাৰী পৰিষদে ৷

লগতে পঢ়ক:বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক বান্ধি ৰখাৰ অপৰাধত 5 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details