গুৱাহাটী, 3 অক্টোবৰ : "এইখন চৰকাৰে দেশখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে ৷ ৰাজহুৱা সম্পত্তি এপদ এপদকৈ সকলো ব্যক্তিগত ব্যৱসায়ীক গতাই দিছে ৷ পানীৰ দৰত গতাই দিছে ৰাজহুৱা সম্পত্তিবোৰ ৷ অসমত উদ্যোগ এটা এটাকৈ বন্ধ হৈছে ৷ লাভজনক বিমানবন্দৰ 6-7 টা ব্যক্তিগত ব্যৱসায়ৰ হাতত গতাই দিয়া হৈছে ৷ সময়ত প্ৰতিবাদ কৰিলে এইটো অৱস্থা নহ’লে হেতেন ৷" এই মন্তব্য কৰি অসমখন বচাবলৈ সময়ত প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান জনাইছে সাংসদ অজিত কুমাৰ ভূঞাই ৷
উল্লেখ্য যে, "উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি অসম"ৰ উদ্যোগত দেওবাৰে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকি সাংসদ ভূঞাই সংবাদ মাধ্যমৰ আগত কেতবোৰ বিশেষ মন্তব্য কৰে ৷ উল্লেখ্য যে, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ মুঠ মাটি 3000 বিঘা ৷ ইয়াৰে 495 একৰ ভূমি অসম চৰকাৰে বিনামূল্যে দিয়া ৷ এতিয়া এই মাটি আদানীৰ দখলত ৷
তাৰোপৰি শ্ৰমিক কৰ্মচাৰীসকলৰ আবাস ভূমিও দখল কৰিছে ৷ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া স্থগিত ৰখা তথা ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অহা 8 অক্টোবৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ দিৱস পালন কৰা হ'ব ৷