গুৱাহাটী, ১৮ জুলাই:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধকে আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটী মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত অসম মহিলা সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মঙলবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস কৰা আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত অসম মহিলা সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম মহিলা সংঘৰ সদস্য়সকলে খাদ্যৰ লগতে ঔষধ, শিশুৰ খাদ্য,গাখীৰকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰক,নাৰী নিৰ্যাতন বন্ধ কৰক ,মুকলি বজাৰৰ শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰা ,প্ৰি পেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক,পেট্ৰ'ল, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে কয় যে সমগ্ৰ দেশৰ ভিতৰতে নাৰী নিৰ্যাতনৰ ঘটনাত অসম প্রথম স্থানত আছে । ৰাজ্যখনত সঘনে সংঘটিত হৈ থকা দলবদ্ধ ধৰ্ষণ,হত্যা, আসুৰিক যৌন নির্যাতন ইত্যাদি ঘটনাই তাৰ জ্বলন্ত প্রমাণ বুলি তেওঁলোকে কয় । তদুপৰি ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা নিকৃষ্ট ঘটনাই নাৰী সমাজৰে নহয়,সমগ্ৰ সমাজক লজ্জানত কৰিছে বুলিও প্ৰতিবাদকাৰী সকলে কয়।