গুৱাহাটী, 29 জুলাই :দেশ তথা ৰাজ্যত বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এফালে কাল কৰ’ণাৰ ত্ৰাস, আনফালে ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে সাংসদ ৰিপুণ বৰা ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যসভাৰ সাংসদ বৰাই । সাংসদগৰাকীয়ে পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি চাইকেল চলাই আহে সংসদলৈ ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰিপুন বৰাৰ প্ৰতিবাদ লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ
আৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ অৱস্থা জুৰুলা কৰি পেলাইছে বুলি সদৰী কৰি সাংসদগৰাকীয়ে সংসদৰ চৌহদত চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনায় । মূল্যবৃদ্ধিৰ প্ৰসংগত সংসদৰ মজিয়াত আলোচনা কৰাৰ বাবে আবেদন জনোৱা হৈছিল যদিও অনুমতি নিদিলে । সংসদত এই গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা নকৰিলে ক'ত আলোচনা কৰিব বুলি ৰিপুণ বৰাই প্ৰশ্ন উত্থাপন কৰে ।
লগতে পঢ়ক:মূল্যবৃদ্ধি : জোনাইত আছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট