গুৱাহাটী,৬ মে': ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল(Raijor Dal protest against price hike) । বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত সাব্যস্ত কৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ(MLA Akhil Gogoi protest against price hike) ।
ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি গুৱাহাটী ক্লাৱত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল । প্ৰতিবাদকাৰীসকলে ৰটাৰীৰ পৰা আগুৱাই আহিব বিচাৰিছিল যদিও বেৰিকেট দি আৱদ্ধ কৰি ৰখা হয় ।
প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া বিধায়ক অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰে জনসাধাৰণৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিকাৰমূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।