অসম

assam

মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে লাষ্টগেটত শতাধিক মহিলাৰ প্ৰতিবাদ

বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতেই প্ৰতিবাদত উত্তাল দিছপুৰ লাষ্টগেট ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ ৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ ঋণ ৰেহাইৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৷

By

Published : Dec 29, 2020, 8:52 AM IST

Published : Dec 29, 2020, 8:52 AM IST

Updated : Dec 29, 2020, 9:38 AM IST

protest against microfinance at dispur last gate in guwahati
মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে লাষ্টগেটত শতাধিক মহিলাৰ প্ৰতিবাদ

গুৱাহাটী, 29 ডিচেম্বৰ: বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতেই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীৰে শতাধিক মহিলাই সোমবাৰে প্ৰতিবাদেৰে দিছপুৰ লাষ্টগেট উত্তাল কৰি তোলে ৷ NBFC-MFI আদি বিত্তীয় প্ৰতিষ্ঠানসমূহে অধিক সুদৰ হাৰত ঋণ দি গ্ৰাম্য অঞ্চলৰ মহিলা সকলক লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ভুক্তভোগী মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ঋণ ৰেহাইৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে আৰোহণ, চেটিংছ, এল.এম.টি, উজ্জীৱন,আৰ.জি.ভি,এন,অন্নপূর্ণা,অসমী, ফিউজন, বন্ধন বেংককে ধৰি বহু বিত্তীয় প্ৰতিষ্ঠান আৰু বেচৰকাৰী বেংকে গ্ৰাম্য অঞ্চলৰ মহিলাসকলক অধিক সুদলৈ ধন ধাৰ দি নীতি বৰ্হিভূতভাৱে ধন ঘটাৰ বাবে আৰম্ভ কৰা প্ৰতিযোগিতাত গ্ৰাম্য অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি থানবান হৈ গৈছে ৷

ভুক্তভোগী মহিলা সকলে জানিবলৈ দিয়ে যে বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকসমূহৰ ঋণৰ বোজা সহিব নোৱাৰি বহু লোকে মাটি-বাৰী,সা-সম্পত্তি,গৰু-ছাগলী বিক্ৰী কৰাৰ লগতে গৃহিনী সকলে সোণৰ আ-অলংকাৰ পৰ্যন্ত বিক্ৰী কৰি ঋণ আদায় দিব লগীয়া হৈছে ৷ যাৰ পৰিণতিত বহু পৰিয়াল ইতিমধ্যে ধ্বংসৰ গৰাহলৈ গতি কৰিছে আৰু ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ভয়ত আত্মহত্যাৰ দৰে পথ বাচি লৈছে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া সকলে উল্লেখ কৰে যে এই সকলো বিষয়ৰ গুৰুত্ব বুজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভুক্তভোগী ৰাইজৰ সহযোগত সমস্যাসমূহ সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ 10 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পাছতে উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত তেওঁলোকৰ বেংকত থকা সকলো ধন খৰছ কৰিব লগীয়া হয় ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেওঁলোকে ঋণ পৰিশোধ কৰিবলৈ প্ৰায় অপাৰগ হৈ পৰিছে ৷ আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰে ৷ সেয়ে ভুক্তভোগী মহিলা সকলৰ অৱস্থাটো বুজি এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে লগতে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলিও প্ৰতিবাদকাৰী মহিলাসকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:মাটিৰ পট্টা বিচাৰি গোগামুখ কঁপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Last Updated : Dec 29, 2020, 9:38 AM IST

ABOUT THE AUTHOR

...view details