গুৱাহাটী, 6 ডিচেম্বৰ :জনবহুল অঞ্চলত স্থাপন কৰাডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা পামহী কাৰ্বিপাৰাবাসীৰ(Protest against Dumping Ground at Dipor Bil) ৷ পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে(Dumping Ground) বিনষ্ট কৰিছে দীপৰ বিলৰ সামূহিক পৰিৱেশ ৷
দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্ৰায় চাৰিমাহ পূৰ্বে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ দূষিত আৱৰ্জনা পেলোৱাক(waste dumping site next to Deepor Beel raises a stink) লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বিগত সময়চোৱাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব বুলি কেইবাবাৰো আশ্বাস দিছিল যদিও সেই আশ্বাস কাৰ্যকৰী নহ’ল ৷ পৰৱৰ্তী সময়তো দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ দূষিত হৈ পৰিছে । যাৰ বাবে চৰকাৰ, পৌৰ নিগমৰ বিৰুদ্ধে দীপৰ বিলৰ কাষৰীয়া পামহী কাৰ্বিপাৰাবাসী ৰাইজৰ উদ্যোগত দেওবাৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এঘণ্টাযোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীকে আদি কৰি প্ৰায় তিনি শতাধিক লোক পামহীৰ ঐতিহাসিক শ্ৰীশ্ৰীভীমাশংকৰ মন্দিৰৰ সমীপৰ বাকৰিত একত্ৰিত হৈ পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ টেৰণ আৰু সাধাৰণ সম্পাদক হেনৰি ডেভিড টেৰণৰ নেতৃত্বত হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ প্ৰায় দুই কিল’মিটাৰ নিলগৰ মইনা খোৰোংস্থিত পদ্মৰাম ভৰালী খেলপথাৰলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় ৷