গুৱাহাটী, ৩ জানুৱাৰী : বিগত বছৰৰ অন্তিম দিনটোত ৰাজ্য চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ সাক্ষী হৈ ৰ'ল ৰাজ্যৰ জনসাধাৰণ । দিল্লীত ততাতৈয়াকৈ অনুষ্ঠিত অসম কেবিনেটত কৰ্তন কৰা হয় অসমৰ চাৰি জিলাৰ মৰ্যাদা । তাৰ পিছতে জিলাৰ মৰ্যাদা কৰ্তন হোৱা জিলাকেইখনত সাব্যস্ত হয় তীব্ৰ প্ৰতিবাদ । অসম চৰকাৰৰ কেবিনেটে কৰ্তন কৰে বজালী, হোজাই, তামুলপুৰ আৰু বিশ্বনাথ জিলাৰ স্বীকৃতি । উক্ত জিলাকেইখনক স্বীকৃত মৰ্যাদা হৰণ কৰি পুনৰ পূৰ্বৰ জিলাকেইখনৰ লগত চামিল কৰা হয় । তাতেই জাঙুৰ খাই উঠে জিলাকেইখনৰ বাসিন্দাসকলৰ লগতে বিভিন্ন দল-সংগঠন (Protest against Delimitation in Assam) ।
আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ । বজালী, হোজাই, তামুলপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰুদ্ধে সাব্যস্ত হয় তীব্ৰ প্ৰতিবাদ । কিন্তু অসম চৰকাৰে ইমান খৰতকীয়াকৈ কিয় কৰ্তন কৰিবলগা হ'ল উল্লিখিত জিলাকেইখনৰ মৰ্যাদা- তাকে লৈ চৰ্চা আৰম্ভ হয় বিভিন্ন পক্ষৰ মাজত । নিশ্চিতভাৱে ইয়াৰ অন্তৰালত যে বিজেপিৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে সেইটো দিনৰ পোহৰৰ দৰে জলজল-পটপট । কিয়নো ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম (Delimitation in Assam) ।
সেয়ে নিৰ্বাচন আয়োগৰ অধ্যাদেশ অনুযায়ী ৰাজ্যসমূহে তাৰ অন্তৰ্গত জিলা বা অন্যান্য ক্ষেত্ৰত ১ জানুৱাৰীৰ পৰা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ বা সালসলনি কৰিব নোৱাৰিব বুলি উল্লেখ কৰে । ফলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যাতে বিজেপিৰ নিজৰ মতে সমষ্টি নিজৰ দখলত ৰখাৰ ৰণকৌশল কাৰ্যকৰী কৰিব পাৰে তাৰ বাবে নিশাটোৰ ভিতৰতে উক্ত জিলাকেইখন ভংগ কৰি দিয়া হয় ।
উল্লেখ্য, ৰাজ্যজুৰি চৰ্চা চলিছিল যে ২০২১-ৰ বিধানসভা নিৰ্বাচন অসমত হয়তো নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টিৰ আধাৰতে অনুষ্ঠিত হ'ব । তাৰ বাবে শাসকীয় দল বিজেপিৰ ফালৰ পৰাও বিভিন্ন ধৰণে চাপ সৃষ্টি কৰা হৈছিল যাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় । অৱশেষত যেনিবা পুৰণি সমষ্টিৰ গাঁথনিৰ আধাৰতে সম্পন্ন হয় বিধানসভা নিৰ্বাচন । কিন্তু দিছপুৰত শাসনত বহিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি গুৰুত্বসহকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো গ্ৰহণ কৰে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই জনোৱা মতে বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এতিয়া ২০২৪-ৰ লোকসভা নিৰ্বাচন অসমত নতুন সমষ্টি পুনৰ গঠন অনুসৰি অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে । যোৱাটো বিধানসভা নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰ মূৰৰ কামোৰণি তুলিছে বিজেপিৰ । কিয়নো মহাজোঁটৰ ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৩ জনেই আছিল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । একেদৰে কংগ্ৰেছৰ যি ২৯ গৰাকী বিধায়ক জয়ী হৈ আহিছে, সেইসকলৰ ভিতৰত ১৮ গৰাকীয়েই হৈছে পূৰ্ববংগীয় মূলৰ ।
আনহাতে, ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৩৪ টায়ে সম্প্ৰতি মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি । প্ৰতিদিনেই জনগাঁথনি সলনি হ’বলৈ আৰম্ভ কৰিছে বিধানসভা সমষ্টিসমূহৰ । অৱস্থা যদি একেদৰেই থাকে তেন্তে অতি সোনকালেই অসমৰ গৰিষ্ঠসংখ্যক সমষ্টিতে খিলঞ্জীয়া লোকৰ বাবে বিপদ নামি অহাটো ধূৰূপ । সেয়েহে শাসনত বহিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম ত্বৰান্বিত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক অনুৰোধ জনায় ।
স্মৰ্তব্য যে বিগত বৰ্ষৰ ৬ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অধ্যক্ষ হিচাপে লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰি দিছিল । পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ সাংসদ ক্ৰমে ডাঃ ৰাজদ্বীপ ৰায়, দিলীপ শইকীয়া, নৱ শৰণীয়া, আব্দুল খালেক আৰু পল্লৱলোচন দাসক এই আয়োগৰ সদস্য হিচাপে মনোনীত কৰিছিল ।
ইমানখিনিলৈ ঠিকে আছিল । কিন্তু আকস্মিকভাৱে অসম চৰকাৰে চাৰিখন জিলা ভংগ কৰি দিয়াৰ ফলত বিজেপিৰ অন্তৰ্নিহিত উদ্দেশ্য প্ৰকাশ পোৱা বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হয় । বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ তথা বিশেষজ্ঞ ব্যক্তি এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠে । আৰম্ভ হয় প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ ইতিমধ্যে ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে হঠাতে চাৰি জিলা ভংগ ঘোষণাই যেন জ্বলা জুইত ঘিউহে ঢালি দিয়ে । ফলত এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জিলা ভংগৰ প্ৰতিবাদৰ জুইত দহিছে ৰাজ্য ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ গইনা লৈ ৰাজ্য চৰকাৰে তামুলপুৰ জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতাৰে প্ৰতিবাদ হয় গোৰেশ্বৰত । গোৰেশ্বৰৰ ৰাজপথত কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against cut of Tamulpur district)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), কৃষক মুক্তি সংগ্ৰাম সমিতি, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ, এবিএমছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদী সংগঠনকেইটাৰ নেতৃবৰ্গই চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবী জনায় । অন্যথা অনাগত দিনত তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰে ।
ইফালে কেবিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তামুলপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই (AASU protest against remerged of district) ৷ ৰঙিয়া-তামুলপুৰ সংযোগী পথত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে (All Assam Student Union) ৷ তামুলপুৰ জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী আছুৰ ৷ তামুলপুৰৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ কেবিনেটে (CM Himanta Biswa Sarma) গ্ৰহণ কৰা সিদ্ধান্তক চূড়ান্ত অপমানজনক বুলি আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ ৷