শিৱসাগৰ, 29 জুন:শিৱসাগৰৰ আমগুৰিকে আদি কৰি উজনি অসমৰ সমষ্টি কৰ্তনৰ বিৰোধিতাৰে শুকুৰবাৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত গণ অৱস্থান কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে ৷ প্ৰায়সমুহ বিৰোধী ৰাজনৈতিক দলে এই গণ অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷
এই গণ অৱস্থান কাৰ্যসূচীত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, তৃণমূল কংগ্ৰেছৰ দিলীপ শৰ্মা, চিপআইএমৰ মনোৰঞ্জন তালুকদাৰ, চিপিআইএমএলৰ বলিন্দ্ৰ শইকীয়া, আপৰ সত্যপ্ৰতীম গায়ন, চিপিআইৰ কনক গগৈ, জেডিইউৰ পুলিন চেতিয়া, আৰজেডিৰ কাঞ্চন চেতিয়া, জাতীয় দলৰ দিগন্ত চেতিয়া, এনচিপিৰ অজিত হাজৰিকা উপস্থিত থাকিব ।
এই প্ৰতিবাদী কাৰ্যসূচীৰ পাচত বিয়লি জাতীয় সংগঠনৰ নেতৃবৰ্গৰ সতে বিয়লি শিৱসাগৰৰ আৱৰ্ত ভৱনত মত বিনিময় কৰা হ’ব বুলিও জানিবলৈ দিয়ে ৷ দিনৰ ভাগৰ এই সকলো কাৰ্যসূচী সমাপন কৰি সন্ধিয়া আমগুৰি বিধানসভা সমষ্টিৰ প্ৰতিবাদী ৰাইজৰ কাষত এইসকল প্ৰতিবাদকাৰীৰ নেতৃবৰ্গ উপস্থিত হৈ আলোচনাত মিলিত হ’ব ।