অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ অগনি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ অৱস্থান ধৰ্মঘট ৷ লখিমপুৰৰ লগতে ওদালগুৰিত ৰে'ল অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰিও নগাঁও, কামৰূপ তথা মঙলদৈত প্ৰতিবাদ ৷

By

Published : Dec 10, 2019, 11:49 AM IST

protest against CAB is high across the state
কেবৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিছে ৰাজ্যৰ চৌপাশ

গুৱাহাটী, 10 ডিচেম্বৰঃ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ সোমবাৰে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পিচতেই নেছ’ৰ 11 ঘন্টীয়া উত্তৰ-পূৱ বন্ধৰ আহ্বান নেছ’ৰ ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ

লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ’ই আহ্বান কৰা বন্ধৰ মাজতে লখিমপুৰত ৰেল অৱৰোধ ৷ উজনিমুৱা ডেকাৰগাও মুৰ্কক চেলেক অভিমুখী ৰেলখন লখিমপুৰ ষ্টেচনত বহু সময় ধৰি আবদ্ধ কৰি ৰাখে টাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদকাৰীসকলে ৷

লখিমপুৰত ৰেলপথ অৱৰোধ

ওদালগুৰিঃনেছ’ই আহ্বান কৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে ওদালগুৰি জিলাত ৷ ওদালগুৰি জিলাৰ টংলা,ওদালগুৰি সদৰ,মাজবাট,ৰৌতা কলাইগাঁও আদি অঞ্চলত বন্ধ সমৰ্থকসকল ওলাই আহি টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ কৰ্মীসকলে ডেকাৰগাঁও-কামাখ্যা ইন্টাৰচিটি ৰেল গাড়ীখন প্ৰায় এঘণ্টা ধৰি অবৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেব বাতিল নকৰিলে চৰকাৰক অধিক ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ওদালগুৰিত ৰেল অৱৰোধ

নগাঁওঃসমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ নগাঁৱৰ নতুন বজাৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ৷

নগাঁৱত প্ৰতিবাদ

কামৰূপঃৰাজ্যৰ ভিন্ন প্ৰন্তৰ লগতে কামৰূপৰ আমিনগাঁও আৰু দদৰাটো বন্ধৰ প্ৰভাৱ ৷ বন্ধ ৰখা হৈছে আমিনগাঁও ঔদ্যোগিক পাম আৰু দোকান-পহাৰ সমূহ ৷ আনহাতে দদৰাটো মঙলবাৰে পুৱাই আছু কৰ্মীয়ে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

কামৰূপত প্ৰতিবাদ

মঙলদৈঃমঙলদৈ নগৰবাহিত ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৷ বঙলাগড় জাবেৰীকুচি পথত বাঁহ বান্ধি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ লগতে ক'লা পতাকা উৰুৱাই কেব ৰ বিৰুদ্ধাচৰণ কৰে প্ৰতিবাদকাৰীয়ে ।

মঙলদৈত প্ৰতিবাদ

লগতে পঢ়ক- ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

ABOUT THE AUTHOR

...view details