গুৱাহাটী, 9 ডিচেম্বৰ :মহানগৰীত কেব বাতিলৰ দাবীত পুৱাৰে পৰা উত্তাল প্ৰতিবাদ। মহানগৰীৰ জালুকবাৰী,মালিগাঁও,খানাপাৰাকে ধৰি কেইবাটাও স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ বন্ধ সমৰ্থকক খেদি পঠিয়াই যদিও বাহন চালকক বন্ধ মানি ল'বলৈ আহ্বান জনাই সমৰ্থকসকলে। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমীয়াৰ কি অৱস্থা হ'ব তাৰো বুজনি দিয়াৰ চেষ্টা কৰে প্ৰতিবাদকাৰীয়ে। উল্লেখ্য যে কেইবাটাও জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ্বান জনাইছিল। তাৰোপৰি বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
গুৱাহাটীত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ - guwahati protest against CAB
গুৱাহাটীত কেব বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ৷ মহানগৰীৰ জালুকবাৰী,মালিগাঁও,খানাপাৰাকে ধৰি কেইবাটাও স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
গুৱাহাটীত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ