অসম

assam

By

Published : Nov 30, 2019, 7:13 PM IST

Updated : Nov 30, 2019, 8:16 PM IST

ETV Bharat / state

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানিলে মুখ্যমন্ত্ৰীয়ে

সকলোকে কেব বিৰোধী আন্দোলনত ভাগ ল'বলৈ আহ্বান ছাত্ৰ সমাজৰ ৷ কেবৰ বিৰোধিতা কৰি ছাত্ৰ সমাজে বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কোনো পধ্যেই কেব গৃহীত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ।

Gauhati university
গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ প্ৰতিবাদ

গুৱাহাটী, 30 নৱেম্বৰঃগুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেবৰ ক্ষেত্ৰত কোনো স্থিতি প্ৰদান নকৰাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সংগঠনে ৷

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানিলে মুখ্যমন্ত্ৰীয়ে
উল্লেখ্য যে শণিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱসত উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সোণোৱাল । যাৰ বিৰোধিতা কৰিছিল ছাত্ৰসমাজে । কেবৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মূখত বহি পৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ । ছাত্ৰসমাজৰ প্ৰতিবাদৰ ফলত অনুষ্ঠানত উপস্থিত নহ'ল মুখ্যমন্ত্ৰীগৰাকী । ইফালে কেবৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজকে ওলাই আহিবলৈ আহ্বান জনালে ছাত্ৰসমাজে ।
গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ প্ৰতিবাদ
Last Updated : Nov 30, 2019, 8:16 PM IST

ABOUT THE AUTHOR

...view details