গুৱাহাটী, 20 ডিচেম্বৰ: এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম উকীল সন্থা ৷গুৱাহাটীৰ অসম উকীল সন্থাৰ কার্যলায়ৰ পৰাৰাজভৱনলৈ যাত্ৰা কৰে এই প্ৰতিবাদী সমদলে ৷ চৰকাৰ আৰু আইন বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে অধিবক্তা সকলে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম উকীল সন্থাৰ - জগদীশ মুখী
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম উকীল সন্থা ৷ ৰাজ্যপালৰ জৰিয়তে আইন বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ স্মৰকপত্ৰ প্ৰেৰণ ৷
সদৌ অসম উকীল সন্থাৰ প্ৰতিবাদ
প্ৰতিবাদী সমদলৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যপালৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মৰকপত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গ