অসম

assam

আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য : ৰিপুণ বৰা

By

Published : Dec 19, 2019, 6:05 PM IST

মহানগৰীৰ জালুকবাৰীত "সংশোধিত নাগৰিকত্ব আইন"ৰ বিৰুদ্ধে ৰূপায়ন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ উপস্থিত থাকে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷

চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য
চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য

গুৱাহাটী, 19 ডিচেম্বৰ:ৰাজ্যজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ সমান্তৰালভাৱে প্ৰতিবাদৰ ধ্বনি শুনিবলৈ পোৱা গ'ল মহানগৰীৰ জালুকবাৰীত ৷ এই আইনখনৰ বিৰুদ্ধে ৰূপায়ন কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৷

মহানগৰীৰ জালুকবাৰীত অৱস্থান ধৰ্মঘট

প্ৰতিবাদৰ জৰিয়তে সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰাৰ দাবী সকলোৰে ৷ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য, এই আইন বাতিল নকৰালৈ কংগ্ৰেছ দল ক্ষান্ত নাথাকে আৰু তেওঁলোকে এক দীৰ্ঘদিনীয়া আন্দোলন চলাই নিব ৷ বিজেপি আৰু আৰ.এছ.এছ কৰ্মী আন্দোলনৰ মাজত সোমাই কালিমা সানিবলৈ আৰু আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য

এই বিষয়ত মতপোষণ কৰে সাংসদ গৌৰৱ গগৈয়েও ৷ তেওঁ কয় যে, অসমীয়া ৰাইজৰ আৱেগ ইমান শক্তিশালী যে কোনো বিজেপিৰ ৰাজনৈতিক কৌশলৰ পৰা হাৰ নামানো,কা আমি নামানো ৷ হিংসাত্মক কাৰ্যৰ বাবে কংগ্ৰেছ জড়িত নহয় বুলিও মন্তব্য সাংসদ গৰাকীৰ ৷

সাংসদ গৌৰৱ গগৈ

তাৰোপৰি এই ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট ৷ তেওঁ কা সন্দৰ্ভত কয় যে, কংগ্ৰেছে সদায় ৰাইজৰ লগত থাকি যুঁজি যাব ৷ তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ আৱেগ বুজি কেবৰ বিৰোধিতা কৰি তাক এবছৰলৈ গৃহীত হ'বলৈ দিয়া নাছিল ৷ বিজেপি অসমৰ লোকৰ আৱেগ তথা সাংস্কৃতিৰ বিপক্ষত আছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটৰ মন্তব্য

লগতে পঢ়ক: এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

ABOUT THE AUTHOR

...view details