অসম

assam

ETV Bharat / state

মহানগৰীৰ ৰাজপথত শিশু আৰু নগাঁৱৰ ৰাজপথত শিক্ষকৰ CAAৰ বিৰুদ্ধে প্ৰতিবাদ

শনিবাৰে মহানগৰীত শতাধিক প্ৰতিবাদকাৰীৰ লগতে কণ-কণ শিশুৱে কা' বিৰোধী ধ্বনিৰে উত্তান কৰি তোলে মহানগৰীৰ ৰাজপথ ৷ নগাৱঁতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে শিক্ষক সমাজে মৌন প্ৰতিবাদী সমদল ওলিয়াই ৷

By

Published : Dec 21, 2019, 6:58 PM IST

gauhati
গুৱাহাটী

গুৱাহাটী, নগাঁও, 21 ডিচেম্বৰঃ দেশৰ ৰাজধানী, উত্তৰ প্ৰদেশ, পশ্চিম বংগৰ লগতে সংশোধিত আইন বাতিলৰ দাবীত জ্বলিছে অসম। এই আইন বাতিলৰ দাবীত বিভিন্ন প্ৰতিবাদী ধ্বনিৰে গুঞ্জৰিত হৈছে অসমৰ প্ৰতিটো অঞ্চলত ৷ তেনে সময়তে মহানগৰীৰ ৰাজপথত পুৰুষ-মহিলা, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধৰ সমান্তৰালকৈ কণ কণ শিশু সকলো জপিয়াই পৰিছে কা বিৰোধী আন্দোলনত ৷ শনিবাৰে মহানগৰীৰ ফটাশীল আমবাৰীৰ শতাধিক স্থানীয় ৰাইজে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰা পুৰুষ-মহিলা সকলৰ লগত কণ কণ শিশু সকলেও পিতৃ মাতৃৰ হাতত ধৰি সংশোধিত আইন বিৰোধী শ্ল'গান দিয়া পৰিলক্ষিত হয় । প্ৰতিবাদকাৰী সকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে "চৰকাৰে বিভাজনৰ ৰাজনীতি কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন আনিছে আৰু তেওঁলোকে চৰকাৰৰ এই উদ্দেশ্য কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। ভাৰতত বিভাজনৰ ৰাজনীতি নচলিব আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চৰকাৰে বাতিল কৰিবই লাগিব ৷" ইয়াৰোপৰি চৰকাৰে বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন বাতিল নকৰা পৰ্যন্ত ৰাজপথত ৰাইজৰ প্ৰতিবাদ অব্যহত থাকিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে।

মহানগৰীত কা'ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল

একেদৰে নগাঁৱতো ছাত্ৰ সমাজৰ সমান্তৰালকৈ CAAৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষক সমাজ। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সমাজে অব্যাহত ৰখা আন্দোলনক বাধা প্ৰদান কৰিবলৈ চৰকাৰ তৎপৰ হোৱাৰ পাচতো এই আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষক সমাজ । নগাঁৱৰ ৰাজপথত শিক্ষক সমাজেও গ্ৰহণ কৰিলে সংশোধিত নিগৰিকত্ব আইনৰ বিৰুদ্ধে আন্দোলন। ইপিনে চৰকাৰে শান্তি সমদল উলিওৱাৰ পিচতেই শনিবাৰে নগাঁও চহৰৰ মাজেৰে শিক্ষক সমাজে কাৰ বিৰুদ্ধে প্ৰতিবাদী মৌন সমদল বাহিৰ কৰে । লগতে প্ৰতিবাদকাৰী সকলে বহু বিতৰ্কিত আইনখন বাতিল কৰিবলৈ দাবী জনাই ৷

নগাঁৱৰ ৰাজপথত কা'ৰ বিৰুদ্ধে মৌন প্ৰতিবাদী সমদল

লগতে পঢ়ক - চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি

ABOUT THE AUTHOR

...view details