অসম

assam

ETV Bharat / state

গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ

৫ জানুৱাৰীত গুৱাহাটীত হ'ব সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ । ছাত্ৰসমাজ, শিল্পীসমাজ আৰু অসমৰ ৰাইজক শৈল্পিক প্ৰতিবাদত অংশ ল'বলৈ আহ্বান শিল্পী সমাজৰ ৷

protest against C(A)A at guwahati
গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ

By

Published : Jan 3, 2020, 8:48 AM IST

গুৱাহাটী, 3 জানুৱাৰী : শিল্পী সমাজৰ আহ্বানত ৫ জানুৱাৰীত গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ ৷ সাংগিতিক সমদলৰে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী জনাব অসমীয়াই । জালুকবাৰীস্থিত ড0 ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈ উলিওৱা হ'ব সমদল । প্ৰায় 100 ঢুলীয়াৰ ঢোলৰ চেওত কঁপিব মহানগৰী । ছাত্ৰসমাজ, শিল্পীসমাজ আৰু অসমৰ ৰাইজ একত্ৰিত হৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি যোৱাৰ সংকল্প লোৱা হ'ব বুলি প্ৰকাশ কৰে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে । সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈও আহ্বান জনাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

গুৱাহাটীত ৫ জানুৱাৰীত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সাংগিতিক প্ৰতিবাদ

ABOUT THE AUTHOR

...view details