অসম

assam

By

Published : Aug 17, 2019, 12:40 PM IST

ETV Bharat / state

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধীক বিচাৰি আৰক্ষীয়ে নিৰপৰাধীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ , মহিলা আৰু কিশোৰীৰ কাপোৰ ফালি শালিনতা হানিৰ চেষ্টা, প্ৰতিবাদ কৰিবলৈ যোৱা বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

কামৰূপ, 17 আগষ্টঃ আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ডভণ্ড কৰা অপৰাধীক বিচাৰি আৰক্ষীয়ে নিৰপৰাধীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ দোষীক কৰায়ত্ত কৰিবলৈ গৈ মহিলাৰ কোঠাত প্ৰৱেশ কৰি আৰক্ষীয়ে ভিডিঅ' কৰাৰো গুৰুতৰ অভিযোগ উঠিছে আমিনগাওঁ আৰক্ষীৰ বিৰুদ্ধে ।

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

যোৱা 7 জুলাইত অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ একাংশ লোকে আমিনগাঁৱৰ শক্তি বিভাগৰ কাৰ্যালয় লণ্ড ভণ্ড কৰছিল ৷ তাৰ পাছতেই এই ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হৈছিল আমিনগাঁও আৰক্ষী ৷ কিন্তু ঘটনাৰ তদন্ত কৰিবলৈ যোৱাৰ নামত আমিনগাঁও আৰক্ষীয়ে মহিলা আৰু কিশোৰীৰ কাপোৰ ফালি শালিনতা হানি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

এই অভিযোগৰ পাছতেই শনিবাৰে ন্যায় বিচাৰি আমিনগাওঁ আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে আমিনগাঁওবাসীয়ে ৷ কিন্তু গুৰুত্বপূৰ্ণ যে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা এগৰাকী বৃদ্ধাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আমিনগাঁও আৰক্ষীয়ে ৷ ক্ষোভিত ৰাইজক নিয়ন্ত্ৰণৰ বাবে অৱশেষত আমিনগাঁও আৰক্ষী চকীত কামৰূপ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ আশ্বাস কৰাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

আমিনগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলাক শালীনতা হানিৰ অভিযোগ

ABOUT THE AUTHOR

...view details