গুৱাহাটী, ১৫ ডিচেম্বৰ :দুশবছৰীয়া অসমৰ চাহ শিল্পক লৈ বাস্তৱত চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছাই নাই । ইয়াৰ প্ৰমাণ বিভিন্ন ক্ষেত্রত দেখিবলৈ পোৱা যায় । লক্ষণীয় বিষয় যে বছৰ ধৰি চৰকাৰৰ ফাইলতে আবদ্ধ হৈ আছে ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱ । উদ্যোগ বিভাগৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱ অহাৰ এবছৰ অতিবাহিত হোৱাৰ পাছতো সংশ্লিষ্ট ফাইলটোৰ কোনো কামেই আগবঢ়া নাই ।
উল্লেখ্য যে ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হ'ব পৰাকৈ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰাৰ বাবে উদ্যোগ বিভাগে পদক্ষেপ গ্ৰহণ কৰিছিল । মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত উদ্যোগ বিভাগে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাক প্রকল্প প্রস্তাৱ প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছিল । সেইমর্মে ক্ষুদ্র চাহ খেতিয়ক সংস্থাই ক্ষুদ্ৰ চাহ ফেক্টৰীৰ বাবে প্রকল্প প্রস্তাৱ যুগুত কৰিছিল । যুগুত কৰা সেই প্রকল্প প্রস্তাৱ উদ্যোগ বিভাগৰ হাতত দাখিল কৰা হৈছিল । উদ্যোগ বিভাগে আকৌ সেই প্রকল্প প্রস্তাৱ পুনৰীক্ষণ কৰি অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল । কিন্তু সেই ফাইলটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আহি পোৱাৰ পাছত বিগত এবছৰ ধৰি পৰি আছে ।
উল্লেখ্য় যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংগ্ৰহ কৰা উপ-কৰৰ ধনেৰে ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰাৰ কথা আছিল । ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সংগ্ৰহ কৰা উপ কৰৰ প্ৰায় ১৮৩ কোটি টকা সম্প্রতি চৰকাৰৰ হাতত জমা আছে । চৰকাৰে ২০০৯ চনৰ পৰা চাহৰ কেঁচাপাতৰ ওপৰত কৰ আৰোপ কৰিছিল । প্রথমে প্রতি কিলোগ্ৰাম কেঁচাপাতৰ বিপৰীতে ২০ পইচা কৰ আৰোপ কৰাৰ পাছত পৰৱৰ্তী ২০১১-১২ বৰ্ষত কৰৰ নিৰিখ ২৫ পইচালৈ বৃদ্ধি কৰা হৈছিল । কিন্তু ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কেঁচাপাতৰ ওপৰত আৰোপ কৰা উপ কৰ ১৫ পইচালৈ হ্ৰাস কৰে আৰু ২০১৭ চনত উপ কৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়াটোৱেই বন্ধ কৰি দিয়ে ।