অসম

assam

ETV Bharat / state

Constituency delimitation: ক’ত কি কি সমষ্টিৰ ৰূপৰেখা সলনি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ?

মঙলবাৰে প্ৰকাশ পালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৷ সমষ্টিৰ সংখ্য়া একেই থাকিলেও কিন্তু বহুখিনি সাল-সলনি ঘটিছে আভ্যন্তৰত ৷ বহুকেইটা সমষ্টি লুপ্ত কৰি নতুন সমষ্টি গঠনৰ প্ৰস্তাৱ দিয়া হৈছে এই খচৰাত ৷ পঢ়ক সবিশেষ...

By

Published : Jun 21, 2023, 5:16 PM IST

Updated : Jun 21, 2023, 5:39 PM IST

Constituency delimitation
Assam constituency delimitation news

গুৱাহাটী, 21 জুন: ভাৰতৰ নির্বাচন আয়োগে মঙলবাৰে সন্ধিয়া প্রকাশ কৰা ৰাজ্যখনৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰাত সমষ্টিৰ সংখ্যাৰ বৃদ্ধি বা হ্রাস কৰা নাই । কিন্তু জিলা ভিত্তিত বিধানসভা সমষ্টিৰ সীমা আৰু নাম সলনি কৰা হৈছে । বহু বিধানসভা সমষ্টিৰে সীমা সলনি হৈছে আৰু বহুতৰে নতুন নামকৰণো হৈছে । ২০০১ চনৰ লোকপিয়লৰ জনসংখ্যাক ভিত্তি কৰিয়েই এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সমষ্টিৰ সংখ্যাৰো বৃদ্ধি বা হ্রাস কৰা হোৱা নাই ।

অৱশ্যে, বিধানসভাত অনুসূচিত জাতিৰ বাবে (SC) সংৰক্ষিত সমষ্টিৰ সংখ্যা ৮ টাৰ পৰা ৯ টালৈ আৰু অনুসূচিত জনজাতিৰ বাবে (ST) সংৰক্ষিত সমষ্টিৰ সংখ্যা ১৬ টাৰ পৰা ১৯ টালৈ বৃদ্ধি পাইছে । অসংৰক্ষিত বা সাধাৰণ সমষ্টিৰ সংখ্যা ৯৮ টালৈ হ্রাস পাইছে । লোকসভাত ডিফু আৰু কোকৰাঝাৰ সমষ্টি দুটা পূৰ্বৰ দৰেই অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ থাকিব । পূৰ্বতে বৰাক উপত্যকাৰ কৰিমগঞ্জ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছিল ৷ খচৰাত শিলচৰ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ থাকিব বুলি প্ৰস্তাৱ কৰা হৈছে ।ইপিনে, বিধানসভাত বিভিন্ন জিলাত সমষ্টি সংখ্যাৰ হ্রাস-বৃদ্ধি হৈছে ।

সমষ্টি বৃদ্ধি পোৱা জিলা কেইখন হৈছে-

  • কোকৰাঝাৰ- দুটা সমষ্টি
  • কামৰূপ মহানগৰ- এটা সমষ্টি
  • বাক্সা- এটা সমষ্টি
  • ওদালগুৰি- এটা সমষ্টি
  • লখিমপুৰ- এটা সমষ্টি
  • ধেমাজি- এটা সমষ্টি
  • তিনিচুকীয়া- এটা সমষ্টি
  • গোলাঘাট- এটা সমষ্টি
  • পশ্চিম কাৰ্বি আংলং- এটা সমষ্টি

আনহাতে সমষ্টি হ্ৰাস পোৱা জিলা কেইখন হৈছে-

  • বৰপেটা- দুটা সমষ্টি
  • দক্ষিণ শালমাৰা-মানকাচৰ- এটা সমষ্টি
  • দৰং- এটা সমষ্টি
  • নগাঁও- এটা সমষ্টি
  • ডিব্ৰুগড়- এটা সমষ্টি
  • শিৱসাগৰ- এটা সমষ্টি
  • যোৰহাট- এটা সমষ্টি
  • হাইলাকান্দি- এটা সমষ্টি
  • কৰিমগঞ্জ- এটা সমষ্টি

উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে এতিয়া পাঁচটা বিধানসভা সমষ্টি থাকিব । পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী বিধানসভা সমষ্টিক এই খচৰাত বিলুপ্ত কৰা হৈছে । ইয়াৰ পৰিৱৰ্তে গুৱাহাটী অর্থাৎ কামৰূপ মহানগৰ জিলাত ডিমৰীয়া (SC), নিউ গুৱাহাটী আৰু গুৱাহাটী চেন্ট্ৰেল নামেৰে তিনিটা নতুন বিধানসভা সমষ্টিৰ সৃষ্টি কৰা হৈছে ।

ইয়াৰ বাহিৰে দিছপুৰ আৰু জালুকবাৰী সমষ্টিক অক্ষত অৱস্থাত ৰাখিছে । একেদৰে কোকৰাঝাৰ জিলাত পূৰ্বৰ তিনিটা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে এতিয়াৰে পৰা থাকিব পাঁচটা সমষ্টি । কোকৰাঝাৰ জিলাৰ এই পাঁচটা সমষ্টি হৈছে গোসাইগাঁও, দোতমা (ST), কোকৰাঝাৰ (ST), বাওখুংগ্ৰী আৰু পর্বতঝৰা । জিলাখনত পূৰ্বৰ কোকৰাঝাৰ পশ্চিম আৰু কোকৰাঝাৰ পূব সমষ্টি দুটা বিলুপ্ত কৰা হৈছে ।

লগতে পঢ়ক:Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা

একেদৰে চিৰাং জিলাত বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে দুটাই আছে । কেৱল জিলাখনত ছিদলী চিৰাং (ST) নামেৰে এটা নতুন সমষ্টি গঠন কৰা হৈছে । পূৰ্বৰ ছিদলী সমষ্টিটো বিলুপ্ত কৰা হৈছে । পূৰ্বতে বাক্সা জিলাত আছিল তিনিটা সমষ্টি । জিলাখনত পূৰ্বৰ তামুলপুৰ সমষ্টিটোক ST ৰ বাবে সংৰক্ষিত কৰাৰ উপৰিও নতুনকৈ গোৱৰ্ধনা, বাক্সা (ST) আৰু গোৰেশ্বৰ সমষ্টিৰ সৃষ্টি কৰা হৈছে । ইয়াৰ লগে লগে বাক্সা জিলাত সমষ্টিৰ সংখ্যা হ’ল চাৰিটা । ওদালগুৰি জিলাত ভেৰগাঁও আৰু টংলা সমষ্টি নতুনকৈ সৃষ্টি কৰাত পূৰ্বৰ ওদালগুৰি (ST) আৰু মাজবাটসহ মুঠ সমষ্টিৰ সংখ্যা হৈছে চাৰিটা । জিলাখনত পূৰ্বৰ পানেৰী আৰু কলাইগাঁও সমষ্টি বিলুপ্ত হৈছে ।

খচৰাত প্ৰকাশ পোৱা ধুবুৰী জিলাৰ সমষ্টিকেইটা হ'ল গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা । জিলাখনৰ পূৰ্বৰ বিলাসীপাৰা (পূব) আৰু বিলাসীপাৰা (পশ্চিম) সমষ্টি দুটা বিলুপ্ত কৰা হৈছে । গোৱালপাৰাৰ চাৰিটা সমষ্টি হৈছে ক্ৰমে জলেশ্বৰ, গোৱালপাৰা (পশ্চিম, ST), গোৱালপাৰা (পূব), দুধনৈ (ST)। জিলাখনত সমষ্টিৰ সংখ্যা একেই আছে যদিও গোৱালপাৰা (পশ্চিম) সমষ্টিটোক প্ৰকাশ পোৱা খচৰাত ST ৰ বাবে সংৰক্ষণ কৰা হৈছে । দক্ষিণ শালমাৰা জিলাত আকৌ কেৱল দক্ষিণ শালমাৰা সমষ্টিহে ৰখা হৈছে ।

বঙাইগাঁও জিলাৰ সমষ্টিকেইটা হৈছে অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও । ইয়াৰে মাণিকপুৰ সমষ্টিটো নতুনকৈ সৃষ্টি কৰাৰ বিপৰীতে পূৰ্বৰ অভয়াপুৰী (উত্তৰ) আৰু অভয়াপুৰী (দক্ষিণ) সমষ্টি দুটা বিলুপ্ত কৰা হৈছে । বৰপেটা জিলাত সমষ্টিৰ সংখ্যা পূৰ্বৰ আঠটাৰ পৰা ছটালৈ হ্ৰাস পাইছে । জিলাখনত মন্দিয়া আৰু ৰূপসী নামৰ দুটা নতুন সমষ্টিৰ সৃষ্টি কৰাৰ উপৰি বৰপেটা সমষ্টিটো SC ৰ বাবে সংৰক্ষণ কৰিছে । ইয়াৰ বাহিৰে জিলাখনৰ আন দুটা সমষ্টি হ’ল ভৱানীপুৰ আৰু চেঙা । জিলাখনত সৰভোগ, পাটাছাৰকুছি, জনিয়া, বাঘবৰ আৰু সৰুক্ষেত্ৰী সমষ্টি বিলুপ্ত কৰা হৈছে ।

নলবাৰী জিলাত সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে তিনিটাই আছে যদিও ধৰ্মপুৰ সমষ্টি বিলুপ্ত কৰা হৈছে । ইয়াৰ বাহিৰে টিহু সমষ্টিটো নতুনকৈ সৃষ্টি কৰাৰ লগতে বৰক্ষেত্ৰী আৰু নলবাৰী সমষ্টিৰ চাৰিসীমা সাল-সলনি কৰিছে । কামৰূপ গ্ৰাম্য জিলাৰ সমষ্টিৰ সংখ্যা একে আছে যদিও জিলাখনত ছমৰীয়া সমষ্টিটো নতুনকৈ সৃষ্টি কৰা হৈছে আৰু বকো সমষ্টি ST ৰ বাবে সংৰক্ষণ কৰাৰ লগতে হাজো সমষ্টিটো SCৰ বাবে সংৰক্ষণ কৰিছে । সেইমৰ্মে জিলাখনৰ সমষ্টিৰ তালিকা এনেধৰণৰ- চমৰীয়া, বকো (ST), পলাশবাৰী, হাজো (SC), ৰঙিয়া আৰু কমলপুৰ ।

লগতে পঢ়ক:Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

মৰিগাঁও জিলাত পূৰ্বৰ দৰে জাগীৰোড (SC), মৰিগাঁও আৰু লাহৰীঘাট সমষ্টি আছে যদিও সমষ্টিৰ চাৰিসীমা সাল-সলনি হৈছে । নগাঁও জিলাত পূৰ্বৰ বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁৱৰ উপৰিও বিন্নাকান্দি নামৰ নতুন সমষ্টি এটাৰ সৃষ্টি কৰা হৈছে । ইয়াৰ বাহিৰেও হোজাই আৰু লামডিং সমষ্টিক নগাঁও জিলাৰ অধীনতে দেখুওৱা হৈছে ।

আয়োগে প্ৰকাশ কৰা অনুসৰি অহা ১১ জুলাইলৈ খচৰা সম্পৰ্কত পৰামৰ্শ আৰু আপত্তি আদি দাখিল কৰিব পৰা হ'ব । জুলাই মাহত আয়োগৰ কেউজন আয়ুক্ত অসম ভ্রমণলৈ আহিব বুলিও কোৱা হৈছে । উল্লেখ্য যে এইবাৰৰ সমষ্টি পুনর্নিৰ্দ্ধাৰণৰ বাবে সমষ্টি পুনর্নিৰ্দ্ধাৰণ আয়োগ গঠন কৰা হোৱা নাই, নির্বাচন আয়োগেই এই কাম কৰিছে ।

Last Updated : Jun 21, 2023, 5:39 PM IST

ABOUT THE AUTHOR

...view details