গুৱাহাটী, ১৬ মে :বিদ্যুতৰ মাচুল, পৌৰ কৰৰ পিচত এইবাৰ মহানগৰবাসীৰ মূৰৰ ওপৰত অতিৰিক্ত সম্পত্তি কৰৰ বোজা (Guwahati Municipal Corporation raises taxes) । সম্পত্তি কৰ কেইবাগুণে বৃদ্ধি কৰি গুৱাহাটী মহানগৰবাসীৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ (property tax increased by GMC) ।
গুৱাহাটী পৌৰ নিগমৰ শেহতীয়া জাননীত এই কথা প্ৰকাশ পাইছে । এই সংশোধিত কৰ অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৭০ হাজাৰ হ'ল্ডিং নম্বৰগৰাকীয়ে আদায় দিব লাগিব চাৰি গুণ সম্পত্তিৰ কৰ (GMC declared new property tax) । গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই হঠাৎ পৌৰ কৰ বৃদ্ধি কৰা সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াই কয় যে, গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ অঞ্চলত ২০০৮-০৯ বৰ্ষৰ ভূমি সম্পত্তিৰ মূল্য নতুনকৈ নিৰ্ধাৰিত হৈছে (GMC Mayor Mrigen Sarania on property tax) ।
কিন্তু ২০০৮-০৯ চনৰ পূৰ্বৰ পৰা যিসকলে ঘৰ সাজি গুৱাহাটীত বাস কৰি আছে, সেইসকলে সংশোধিত হাৰত ইমান দিনে কৰ পৰিশোধ কৰা নাছিল । প্ৰায় ৭০ হাজাৰ হ'ল্ডিং নম্বৰৰ গৰাকীয়ে ২০০৮ চনৰ পূৰ্বে নিৰ্ধাৰিত হাৰতে কৰ আদায় দি আছিল । সেইসকলে এতিয়াৰে পৰা ২০০৮-০৯ বৰ্ষত নতুনকৈ মূল্য নিৰ্ধাৰিত হাৰত ভূমি সম্পত্তিৰ কৰ আদায় দিব লাগিব । যাৰ ফলত পূৰ্বতে বছৰত ২ হাজাৰ টকা সম্পত্তিৰ কৰ আদায় দিয়া পৰিয়ালৰ বৰ্তমান ৮ হাজাৰলৈকে সম্পত্তিৰ কৰ বৃদ্ধি পাইছে ।