মাজুলী,9 মাৰ্চ:ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিলে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা ৷ দাখিল কৰা সম্পত্তিৰ পৰিমাণ অনুসৰি সৰ্বানন্দ সোণোৱালৰ বেংকত 380,2498.98 টকা জমা থকাৰ লগতে 39,030.13 টকা তেওঁ নিজৰ হাতত জমা ৰাখিছে ৷
ইফালে, তেওঁৰ অইল ইণ্ডিয়াৰ লগত শ্বেয়াৰ 13,04,697.70 টকা থকাৰ বিপৰীতে এলআইচি, আইচিচিআই আৰু এইচডিএফচিৰ বীমা পলিচিত জমা কৰিছে 43,26,461 টকা ৷ সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত ধাৰ আছে 16,78,707 টকা ৷ ইফালে, সোণোৱালৰ অস্থাৱৰ সম্পত্তি পৰিমান হৈছে 1,14,76,364.81 টকা ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীৰ বৰ্তমানৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 2,02,95,000 টকা ৷