গুৱাহাটী,13ডিচেম্বৰ: প্ৰমোদ বড়ো হ'ব পৰৱৰ্তী বিটিচি প্ৰধান ৷ সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰমোদ বড়ো, নৱ শৰণীয়াৰ উপস্থিতিত এক যৌথ সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যপালৰ লগত কথা পাতি 15 তাৰিখৰ ভিতৰতে শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ উক্ত সংবাদমেলতে বিপিএফৰ সতে থকা মিত্ৰতা 2021 চনত অন্ত পৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এইবাৰ বিটিচিত মিত্ৰতা ইউ পি পি এল,গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ মাজত হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত শৰ্মাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে ৷
সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে উল্লেখ কৰে যে, ‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব লবলৈ দায়িত্বভাৰ দিয়া হৈছে ৷ বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল ৷ যাতে বিটিচিত শান্তি আৰু প্ৰগতি সমানে হয় ৷ শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো ৷ 15 ডিচেম্বৰত শপত গ্ৰহণ হ'ব পাৰে ৷’’