অসম

assam

ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ ড৹ নিৰু হাজৰিকাৰ দেহাৱসান - সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

দেওবাৰে পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ ড৹ নিৰু হাজৰিকাই । ক'ভিডত আক্ৰান্ত হৈ থকা বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ ।

Niru Hazarika died
বিশিষ্ট শিক্ষাবিদ ড০ নিৰু হাজৰিকাৰ দেহাৱসান

By

Published : Jul 25, 2021, 1:05 PM IST

গুৱাহাটী, ২৫ জুলাই :ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড৹ নিৰু হাজৰিকা আৰু নাই । দেওবাৰে পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ক'ভিডত আক্ৰান্ত হৈ থকা বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ ।

ড৹ নিৰু হাজৰিকা বিগত কেইবামাহ ধৰি অসুস্থ হৈ আছিল । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ষ্ট্ৰ’কত আক্ৰান্ত হৈ ডাউন টাউন হাস্পতালত ভৰ্তি হৈছিল আৰু সুস্থ হৈ উঠিছিল যদিও চলিত জুলাই মাহত ঘৰতে এক দুৰ্ঘটনাত পতিত হৈ কঁকালত আঘাত পাইছিল । ডাউন টাউন হাস্পতালত (Down Town Hospital) সুকলমে অস্ত্ৰোপচাৰ হোৱাৰ পাছত হাস্পতালৰ পৰা আহি ঘৰত আৰোগ্যমুখী হোৱাৰ সময়তে তেওঁ ক'ভিডত (Covid) আক্ৰান্ত হয় ।

ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত ২১ জুলাইত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) ভৰ্তি হোৱা হৈছিল। কিন্তু অৱশেষত দেওবাৰে অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) প্ৰাক্তন কলাগুৰু তথা নতুন দিল্লীৰ আই চি এছ এছ আৰৰ প্ৰাক্তন সদস্য নিৰু হাজৰিকাই প্ৰায় তিনি দশক কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে সেৱা আগবঢ়াইছিল ।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তে শিক্ষকতা আৰম্ভ কৰি এই বিশ্ববিদ্যালয়খনৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰে ছাত্ৰী আছিল । ড৹ নিৰু হাজৰিকা ডি-লিট ডিগ্ৰী লাভ কৰা উত্তৰ পূৱ ভাৰতৰ প্ৰথমগৰাকী মহিলা আছিল । তেওঁৰ তত্ত্বাৱধানত বিভিন্ন বৃত্তিত জড়িত হৈ থকা ৭০ গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্রীয়ে পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে তেওঁৰ তত্বাবধানত পি এইচ ডি লাভ কৰিছিল । ড৹ নিৰু হাজৰিকা উত্তৰ পূৱ ভাৰতৰ ৰাজহুৱা প্ৰশাসন, চৰকাৰ আৰু ৰাজনীতি তথা মান অধিকাৰ বিষয়ৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল । তেওঁ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা তথা সহ প্ৰণেতা আছিল ।

তেওঁৰ উল্লেখযোগ্য কৰ্মৰ ভিতৰত আছে, ‘পাব্লিক চাৰ্ভিছ কমিছন ইন ইণ্ডিয়া’, এথনিক অট’নমি ইন নৰ্থ ইষ্ট ইণ্ডিয়া: এ ছাৰ্চ ফৰ এন এঞ্চাৰ, ইনছাৰজেন্সি এণ্ড বিয়ণ্ড’, ‘এ চেঞ্চুৰি অফ চিভিল চাৰ্ভিছ ইন নৰ্থইষ্ট ইণ্ডিয়া’ ইত্যাদি । ড৹ নিৰু হাজৰিকাই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, হলেণ্ড, স্পেইন আদি বিভিন্ন দেশত কেইবাখনো শৈক্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলনতো অংশগ্ৰহণ কৰিছিল । তেওঁৰ বিভিন্ন গৱেষণামূলক প্ৰৱন্ধ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে । ড৹ নিৰু হাজৰিকাৰ পৰা শিক্ষা গ্ৰহণ কৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী বৰ্তমান দেশৰ বিভিন্ন সেৱাত জড়িত হৈ আছে ।

তদুপৰি অসমৰ ৰাজনীতি তথা সামাজিক নেতৃত্ব বহন কৰা বহু ব্যক্তিয়ে ড৹ হাজৰিকাৰ অধীনত অধ্যয়ন কৰাৰ লগতে গৱেষণাও কৰিছিল । অসমৰ ৰাজনীতিৰ জগতখনৰ সৈতেও ড৹ নিৰু হাজৰিকাৰ যথেষ্ট সম্পৰ্ক আছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ আৰু হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক পৰিক্ৰমাৰ সৈতে বিশেষভাৱে পৰিচিত আছিল ড৹ নিৰু হাজৰিকা । প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত ড৹ নিৰু হাজৰিকাই কেবিনেট মৰ্যাদাৰে ৰাজনৈতিক উপদেষ্টা পদতো কাৰ্যনিৰ্বাহ কৰিছিল ।

বিশিষ্ট শিক্ষাবিদ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গৱেষক পণ্ডিতগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধ তথা শুভাকাংক্ষী আৰু ছাত্ৰ-ছাত্ৰী । তেওঁৰ মৃত্যুত ৰাজ্যৰ বৌদ্ধিক জগতখনত শোকৰ ছাঁ পৰিছে । বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নিৰু হাজৰিকাৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁৰ বিয়োগত অসমৰ বিদ্যায়তনিক ক্ষেত্ৰত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

লগতে পঢ়ক :দেৱালত চিত্ৰ অংকন কৰি লাভলীনাক শুভকামনা জনোৱা হ’ল টীয়কত

ABOUT THE AUTHOR

...view details