গুৱাহাটী 11 ডিচেম্বৰ: হঠাৎ অসুস্থ হৈ পৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা জয়ন্ত দাস । অসমীয়া চলচ্চিত্ৰ জগতৰ জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈকে সকলোৰে মাজত ‘ৰাজু’ নামেৰে পৰিচিত জয়ন্ত দাসে গুৰুতৰভাৱে অসুস্থ হৈ এতিয়া একপ্ৰকাৰ মৃত্যুৰ সৈতে যুঁজিছে ৷ শনিবাৰে নিশা মহানগৰীৰ এপ’ল’ হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক । তাৰ পিচৰে পৰা ICU ত চিকিৎসাধীন হৈ আছে অভিনেতা জয়ন্ত দাস । জানিব পৰা মতে যকৃতজনিত ৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী ।
বৰ্তমান কেনে আছে জয়ন্ত দাস ?
বৰ্তমান সময়ত ভেন্টিলেশ্যনত আছে অভিনেতাগৰাকী । কিন্তু বৰ্তমান অভিনেতাগৰাকীক প্ৰয়োজন বহু পৰিমাণৰ তেজৰ । সেয়েহে, তেওঁৰ আত্মীয়ই তেজৰ বাবে আহ্বান জনাইছে অসমবাসীলৈ ৷ ইফালে আজি পুৱা অভিনেতাগৰাকীৰ কন্যা জুহি দাসে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি পিতৃৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰিছিল ৷
জুহিয়ে নিজৰ পোষ্টত লিখিছিল- বৰ্তমান গুৱাহাটীৰ এপ’ল’ত চিকিৎসাধীন হৈ আছে দেউতা ৷ তেওঁ ICU ত চিকিৎসাধীন অৱস্থাত আছে । বৰ্তমান তেওঁ জটিল পৰ্যায়ত আছে যদিও তেওঁ এজন যুঁজাৰু আৰু এতিয়াও জীয়াই থাকিবলৈ যুঁজি আছে । আপোনালোকৰ কাকো উত্তৰ দিব নোৱৰাৰ বাবে ক্ষমা বিচাৰিছো । সকলো প্ৰাৰ্থনাৰ বাবে আৰু দেউতাৰ খবৰ ল’বলৈ অহা সকলোকে ধন্যবাদ । অনুগ্ৰহ কৰি প্ৰাৰ্থনা কৰিব, কাৰণ বৰ্তমান আপোনালোকৰ প্ৰাৰ্থনাৰ যথেষ্ট প্ৰয়োজন । মই জানো যে আপোনালোক সকলোৱে তেওঁক পৰ্দাত ভাল পাইছিল, এতিয়া আমাক লাগে মাথোঁ আপোনালোক সকলোৰে প্ৰাৰ্থনা আৰু ভাল চিন্তা ! সকলোকে এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো আৰু যাতে তেওঁৰ বৰ্তমানৰ অৱস্থা ৰাইজে জানিবলৈ পায় । ধন্যবাদ !