গুৱাহাটী,১ অক্টোবৰঃ চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ লগে লগে পহিলা অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হৈছে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া (Process of procurement of paddy has resumed in state) ৷ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ সময়সীমা শেষ হ’ল যদিও ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল ৷
এই সন্দৰ্ভত আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে (Ranjir Kumar Das Press meet on paddy) ৷ তেওঁ কয় যে পুনৰ আজিৰ পৰা ৰাজ্যত ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ অন্ত পৰা বছৰটোত ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থিত দাম ১৯৪০ টকাত ৫,৬৫,২৭৮ মেট্ৰিকট’ন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ৷ যদিও ৰাজ্য চৰকাৰে ১০,০৩,২০০ মেট্ৰিক টন ধানৰ টাৰ্গেট কৰিছিল ৷
বিগত বৰ্ষত ছয়টা বেচৰকাৰী সংস্থাই লক্ষ্যৰ ৫৬.৩৫ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত গৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ( এ এফ চি এছ চি এল) ১০০.৩৭ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) ৯১.৬০ শতংশ, এফ চি আয়ে ৪৩.৪৫ শতাংশ, নাকফে ৪৭.৫০ শতাংশ, নাফেডে ৩৬.৫৭ শতাংশ আৰু এন চি চি এফে ৪০.৬৫ শতাংশ ধান ক্ৰয় কৰে ৷
ৰাজ্য চৰকাৰৰ অধীনৰ দুটা প্ৰতিষ্ঠানে লক্ষ্যত উপনীত হোৱাৰ বিপৰীতে বাকী প্ৰতিষ্ঠান কেইটাই লক্ষ্যৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ'ল। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা অনুসৰি এইবাৰ ন্যূনতম সমৰ্থিত ২০৪০ টকা দৰত ধান ক্ৰয় কৰা হ'ব ৷ মন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ বাহিৰত ধান বিক্ৰী নকৰি চৰকাৰৰ ছয়টা প্ৰতিষ্ঠানক ধান বিক্ৰী কৰি চৰকাৰী সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায় ৷