অসম

assam

ETV Bharat / state

বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ ৰাইজ - গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ ৰাইজ

ভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ অন্তৰ্গত মালিগাঁও কৃষ্ণনগৰ (GMC ward story) ৷ এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ ৷

gmc-ward-story
বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ড

By

Published : Apr 20, 2022, 10:59 PM IST

গুৱাহাটী ২০ এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মাজত মাথো এটা দিন বাকী । ইতিমধ্যে বিগত কেইদিনত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনত জয়ী হোৱাৰ বাবে উঠি পৰি লাগিছে । প্ৰতিটো ৱাৰ্ডলৈ গৈ প্ৰাৰ্থী সকলে ৱাৰ্ডবাসীৰ সমস্যা সমাধান কৰাৰ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই আহিছে ৷ প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত নাগৰিক সকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও নিৰ্বাচনৰ পিছত সকলো প্ৰতিশ্ৰুতি ধোঁৱা চাঙলৈ পৰিণত হয় ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ অন্তৰ্গত মালিগাঁও কৃষ্ণনগৰৰ নিজৰা শিৱ মন্দিৰ পথৰ বাসিন্দাসকলে খোৱা পানীৰ সমস্যা , বিধ্বস্ত বাট পথেৰে বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে । বৰঞ্চ জনপ্ৰতিনিধিক এই সমস্যা সমূহৰ বাবে বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো আজি পৰ্যন্ত কোনোধৰণৰ সমস্যা সমাধান নোহোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী পৌৰ নিগমৰ ১২ নং ৱাৰ্ড

ইফালে স্থানীয় বাসিন্দাসকলে জনোৱা মতে, এই অঞ্চলটোত প্ৰায় ২৫০ টা পৰিয়াল বসবাস কৰে । অঞ্চলটোত এটা নিজৰা আছে সেই নিজৰাৰ পানীৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলবাসী । কিয়নো চৰকাৰী কোনো পানী যোগান আঁচনিয়ে অঞ্চলটোক ঢুকি পোৱা নাই এই অঞ্চলটোক । সেয়ে এতিয়া এটুপি খোৱা পানীৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিছে এই অঞ্চটোৰ লোকসকলে (Drinking Water Problem) ৷

খৰাং বতৰ আৰম্ভ হোৱাৰ লগে লগে বিগত ৬ মাহ ধৰি নিজৰাৰ পানী শুকাই যোৱাত অধিক মূল্যৰে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে (drinking water problem of Guwahati people)। হাজাৰ লিটাৰ পানী ৮০০ টকাকৈ ক্ৰয় কৰি আহিছে এই অঞ্চটোৰ বাসিন্দাসকলে । কিয়নো বাট-পথ সুচল নোহোৱাৰ ফলত পানীৰ গাড়ী সেই স্থানলৈ নাযায় ।

আনহাতে, এজাক বৰষুণ আহিলেই পথটোৰে অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ৷ সেয়েহে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত যি দলৰ প্ৰাৰ্থী ৱাৰ্ডটোৰ পৰা নিৰ্বাচিত নহওক কিয় অঞ্চলবাসীৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Drinking Water Problem : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে মাধৱদেৱ নগৰৰ বাসিন্দাই

ABOUT THE AUTHOR

...view details