গুৱাহাটী, ১ আগষ্ট :ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে মেট্ৰিক(HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (HS final year) ফলাফল ঘোষণা কৰা হ'ল । অসমৰ শৈক্ষিক ইতিহাসত নজিৰ সৃষ্টি কৰি পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাত উত্তীৰ্ণৰ হাৰে অভিলেখ ৰচনা কৰিলে । অভিলেখ সৃষ্টিকাৰী এই ফলাফলৰ পাছতে এতিয়া নামভৰ্তিৰ প্ৰসংগকলৈ চৰ্চা হৈছে ।
শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মিলি প্ৰায় চাৰে ছয় লাখ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে অসমত পৰ্যাপ্ত আসন আছে জানো ? এই প্ৰশ্নই এতিয়া শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকলৈ এক জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
অৱশ্যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (Dr Ranoj Pegu) নামভৰ্তিৰ ক্ষেত্রত কোনো সমস্যা নহ'ব বুলি সদৰি কৰিছে যদিও শিক্ষাৰ্থী নাইবা অভিভাৱকসকল আশ্বস্ত হ'ব পৰা নাই ।
শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব মেট্ৰিকৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কৈছিল-'নামভৰ্তিৰ ক্ষেত্রত সমস্যা নহয় । মেট্ৰিকত উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ গৰাকী ছাত্র-ছাত্রী । আমি হিচাপ কৰি পোৱা তথ্য মতে একাদশ শ্ৰেণীৰ বাবে আমাৰ লগত চৰকাৰী বিদ্যালয় আৰু প্ৰাদেশীকৃত বিদ্যালয়ত ৩.৩৫ লাখ আসন আছে । ইয়াত ব্যক্তিগত আৰু ভেন্সাৰ বিদ্যালয়ৰ আসন যোগ দিয়া নাই ।
গতিকে উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্রত কোনো অসুবিধা নহ'ব বুলি কৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে । ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ঘোষিত ফলাফলত কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাত মুঠ ২,৪৬,২২৬ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রীগৰকীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল-' আসনৰ অভাৱ নহয় ৰাজ্যৰ শিক্ষাখণ্ডত ।
শিক্ষামন্ত্ৰীয়ে কৈছিল-' স্নাতক মহলাৰ বাবে চৰকাৰী আৰু প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত ১ লাখ ৭০ হাজাৰ আসন আছে । আনহাতে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহতো যথেষ্ট আসন আছে । সেইদৰে বহু ছাত্র-ছাত্রীয়ে মেডিকেল, ইঞ্জিনীয়াৰিং, পলিটেকনিক আদি বহু পাঠ্যক্ৰমত নামভৰ্তি কৰিব । তদুপৰি একাংশ ছাত্র-ছাত্রী ড্ৰ'প আউট হয় ।
শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব গতিকে আসনৰ সমস্যা হ'ব বুলি আমি ভবা নাই আৰু আসনৰ সংখ্যা বৃদ্ধি কৰিব পৰাকৈ চিন্তা চলি আছে বুলি উল্লেখ কৰিছিল শিক্ষামন্ত্ৰী ডাঃ পেগুৱে । শিক্ষামন্ত্রীৰ এই সমীক্ষাৰ বিপৰীতে কিন্তু ছাত্ৰ-ছাত্ৰী অনুপাতে কলেজত আসনৰ সংখ্যা কম হোৱাত বহু ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ কৰা হৈছে । উল্লেখ যে পৰীক্ষাবিহীন মেট্ৰিকৰ ফলাফলত ৩,৯৭,১৩২ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ২,৪৬,২২২ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । দুয়োটা মিলি হয়গৈ ৬,৪৩,৩৫৮ গৰাকী শিক্ষাৰ্থী ।
তদুপৰি চি বি এছ ইৰ (CBSE) উত্তীৰ্ণ ছাত্র-ছাত্রী আছে । সেই সংখ্যা যোগ দিলে উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা সাত লাখৰো অধিক হ'ব । উত্তীৰ্ণৰ এই বৃহৎ সংখ্যা অনুপাতে অসমত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ আৰু স্নাতকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলৈ ইমান আসন নাই । মেডিকেল, অভিযান্ত্রিক, পলিটেকনিক, আইন আদি অন্যান্য কাৰিকৰী প্ৰতিষ্ঠানত নামভৰ্তি কৰিলেও ছয় লাখৰ অধিক শিক্ষাৰ্থীক নামভৰ্তিৰ সুবিধা দিব পৰা আন্তঃগাঁথনি অসমত নাই ।
আই আই টি (IIT) নাইবা আন কাৰিকৰী প্ৰতিষ্ঠান তথা ব্যক্তিগত জুনিয়ৰ কলেজ আদিত কুৰি হাজাৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিলেও চৰকাৰে ইমান সংখ্যক শিক্ষাৰ্থীক নামভৰ্তিৰ সুবিধা দিব পৰা ব্যৱস্থা অসমত নাই । ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (Rashtriya Madhyamik Shiksha Abhiyan) আৰু অসম চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য মতে অসমত ৮২৯ খন উচ্চতৰ মাধ্যমিক, ২০ খন আইন মহাবিদ্যালয় আছে । আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদন মতে অসমত বিভিন্ন পৰ্যায়ৰ মুঠ ৫৫৮ খন কলেজ আছে । এই কলেজসমূহৰ অধিকাংশতে আসনৰ অভাৱ ।
শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব ইফালে ৰাজ্যত থকা ৮২৯ খন উচ্চতৰ মাধ্যমিকৰ অধিকাংশতেই শিক্ষকৰ অভাৱ আছে । বহু উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখা আছে যদিও লেব'ৰেটৰী নাই । লক্ষণীয় বিষয় যে কলেজত আসনৰ অভাৱতে প্ৰত্যেক বছৰে নামভৰ্তিৰ পৰা বঞ্চিত হয় বহু শিক্ষাৰ্থী ।
তেনেস্থলত এইবাৰ উত্তীৰ্ণৰ হাৰ অভিলেখ হোৱাৰ সমান্তৰালকৈ অভিলেখ সংখ্যক শিক্ষাৰ্থীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষা মতে অসমত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে মাত্র ১৫ খনকৈ কলেজ আছে । অন্য ৰাজ্যত এই সংখ্যা বহু বেছি । প্ৰাপ্ত তথ্য মতে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ আসন মিলাই অসমত উচ্চতৰ মাধ্যমিক আৰু কলেজত প্ৰায় চাৰি লাখ শিক্ষাৰ্থীৰ নামভৰ্তি কৰাব পৰা যাব ।
শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব ৰাজ্যত বছৰি শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে চৰকাৰে কলেজৰ সংখ্যা বৃদ্ধি কৰিব পৰা নাই । চৰকাৰী তথ্য মতে বিগত ছয় বছৰত অসমত নতুনকৈ মাত্র ১৯ খনহে কলেজ স্থাপন কৰা হৈছে । ইয়াৰ পৰা এইটো কথা সহজতে অনুমান কৰিব পাৰি যে এইবাৰ নামভৰ্তিৰ ক্ষেত্রত শিক্ষাৰ্থীসকলে অভাৱনীয় সমস্যাৰ সন্মুখীন হ'ব । এনে পৰিপ্ৰেক্ষিতত চৰকাৰে জৰুৰীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ।
লগতে পঢ়ক :ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি