গুৱাহাটী, 10 মে' : সোমবাৰে দিনৰ ১২ বজাত ৰাজ্যৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্তবিশ্ব শৰ্মাই শপত লোৱাৰ উপৰিও ওঠৰজনীয়া মন্ত্ৰীসভাৰ একাংশয়ো শপত গ্ৰহণ কৰিব । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি ডঃ শৰ্মা নেতৃত্বাধীন ওঠৰজনীয়া মন্ত্ৰীসভাখন পূৰ্ণাংগ ৰূপত গঠন কৰা নহয় সোমবাৰে । ইয়াৰ পৰিৱৰ্তে সোমবাৰে প্ৰথম পৰ্যায়ত কেৱল বাৰজন মন্ত্ৰীয়েহে শপত গ্ৰহণ কৰিব । মন্ত্ৰীসভাৰ বাকী ছয়খন আসন দ্বিতীয় পৰ্যায়ত অতি শীঘ্ৰে পূৰ কৰা হ’ব ।
উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ শৰ্মাই শপত লোৱাৰ উপৰিও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকল ক্ৰমে-
চন্দ্ৰমেোহন পাটোৱাৰী (বিজেপি)
ৰঞ্জিৎ দাস (বিজেপি)
বিশ্বজিৎ দৈমাৰী (বিজেপি)
যোগেন মহন (বিজেপি)
হিতেন্দ্ৰ নাথ গোস্বামী (বিজেপি)