গুৱাহাটী,18 জানুৱাৰীঃৰাইজৰ পক্ষত থিয় দিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত পূৰ্ণ সমৰ্থন প্ৰিয়ংকা ভৰালীৰ ৷ ৰাইজে যদি বিকল্প ৰাজনৈতিক দলৰ কথা ভাবিছে তেন্তে প্ৰিয়ংকা ভৰালী ৰাইজৰ পক্ষত থকাৰ কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন সমৰ্থন সন্দৰ্ভত হোৱা বিতৰ্কৰ বিষয়ে মুখ খুলিলে গায়িকাগৰাকীয়ে । শিল্পীক কেতিয়াও ৰাজনৈতিক মেৰপাকত সোমোৱাব নালাগে বুলি কোৱাৰ লগতে প্ৰতিগৰাকী শিল্পীৰ প্ৰতিবাদ কৰাৰ পন্থাও পৃথক হ'ব পাৰে বুলি মন্তব্য কৰে প্ৰিয়ংকা ভৰালীয়ে।
বিৰ্তকৰ ওৰ পেলাই ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী - অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী
নাগৰিকত্ব আইন সন্দৰ্ভত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ প্ৰতিক্ৰিয়া । বিকল্প ৰাজনৈতিক দল গঠন সন্দৰ্ভত কি ক'লে প্ৰিয়ংকা ভৰালীয়ে?
ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী