অসম

assam

ETV Bharat / state

নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে - ব্যক্তিগত খণ্ডৰ বিদ্যালয়

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ পৰা এপ্ৰিল মাহত নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্দেশনা ভংগ কৰা বিদ্যালয়ক প্ৰচলিত ডিজেষ্টাৰ মেনেজমেন্ট এক্ট অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

PRIVATE SECTOR SCHOOL CAN COLLECT HALF MONTH FEES IN APRIL
নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে

By

Published : Apr 22, 2020, 7:28 PM IST

গুৱাহাটী,22 এপ্ৰিলঃঅসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ পৰা এপ্ৰিল মাহত নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব। আজি এক সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শেহতীয়াকৈ লক ডাউন কেন্দ্ৰীক পৰিস্থিতিৰ বাবে চৰকাৰী বিদ্যালয়ৰ লগতে শ্ৰেণী কোঠাৰ পাঠদান বন্ধ হৈ আছে ৰাজ্যৰ কেইবাহাজাৰো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ। বিভাগীয় মন্ত্ৰী গৰাকীয়ে কৰা ঘোষণা অনুসৰি এনে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ অভিভাৱকে এপ্ৰিল মাহত পৰিশোধ কৰিবলগীয়া মাচুলৰ আধাহে বিদ্যালয়ৰ কৰ্তৃপক্ষক জমা দিব লাগিব । আনহাতে আজিৰ সংবাদ মেলত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথাও স্পষ্ট কৰি দিয়ে যে শেহতীয়া পৰিস্থিতিৰ বাবে কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে তেওঁলোকৰ শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব। একেদৰে এই সময়ত কোনো বিদ্যালয়ে চৰকাৰৰ অনুমতি অবিহনে শিক্ষাৰ্থীৰ মাচুলো বঢ়াব নোৱাৰিব। আনহাতে নিৰ্দেশনা ভংগ কৰা বিদ্যালয়ক প্ৰচলিত ডিজেষ্টাৰ মেনেজমেন্ট এক্ট অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিৰ্ধাৰিত মাচুলৰ আধা মাচুলহে ল'ব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে

ABOUT THE AUTHOR

...view details