অসম

assam

ETV Bharat / state

আমচাঙৰ পৰা কিয় ওলাই আহে জীৱ-জন্তু?

ভূমি বেদখলৰ অভিযোগত ৰাজহ বিভাগে ইতিমধ্যেই জাননী প্ৰেৰণ কৰিছে ডনবস্ক বিশ্ববিদ্যালয়ক ৷ কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাচতো আমচাঙৰ পৰিৱেশ সংবেদনশীল এলেকা (ইকো-জ'ন)ৰ ভিতৰত কিদৰে শিক্ষানুষ্ঠানখনে মাটি বেদখল কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে বনাঞ্চলখনৰ ওচৰ-পাজৰ এলেকাসমূহত বাস কৰা জনসাধাৰণ তথা একাংশ ছাত্ৰ সংগঠনে ৷

আমচাঙৰ পৰা কিয় সঘনাই জনাঞ্চললৈ ওলাই আহে বন্যজীৱ?

By

Published : May 5, 2019, 8:43 PM IST

Updated : May 5, 2019, 10:10 PM IST


গুৱাহাটী, 5 মে' : আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া জীৱ-জন্তু ওলাই অহা কোনো নতুন কথা নহয় ৷ গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা অঞ্চলসমূহত আমচাং বনাঞ্চলৰ পৰা সঘনাই ওলাই আহে বনৰীয়া জীৱ-জন্তু ।

কিন্তু কিয় আমচাং বনাঞ্চলৰ পৰা সঘনাই জনাঞ্চললৈ ওলাই আহে জীৱ-জন্তু? ইটিভি ভাৰতৰ হাতত আহি পৰা তথা তথ্য অনুসৰি সোণাপুৰ টেপেছিয়াত থকা আসাম ডনবস্ক ইউনিভাৰ্চিটী নামৰ শিক্ষানুষ্ঠানখনে দখল কৰিছে আমচাং বনাঞ্চলৰ 400 বিঘাকৈ মাটি ৷ মুঠ 1000 বিঘা মাটিত বৰ্তি থকা প্ৰতিষ্ঠানখনৰ চৰকাৰী হিচাপত মাটি কেৱল 700 বিঘাহে৷

আমচাঙৰ পৰা কিয় সঘনাই জনাঞ্চললৈ ওলাই আহে বন্যজীৱ?

প্ৰশাসনৰ নিষেধাজ্ঞা অনুসৰি আমচাঙ বনাঞ্চলৰ 1 কি.মি দূৰত্বৰ ভিতৰত কৰিব নোৱাৰে কোনোধৰণৰ নিৰ্মাণ কাৰ্য ৷ তেনেস্থলতো ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনে বনাঞ্চলৰ মাটি বেদখল কৰি অব্যাহত ৰাখিছে কেবাটাও নতুন অট্টালিকা নিৰ্মাণৰ কাম ৷ যাৰ বাবেই বনাঞ্চল সংকীৰ্ণ হৈ অহাত জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্য জীৱ-জন্তু ৷


ভূমি বেদখলৰ অভিযোগত ৰাজহ বিভাগে ইতিমধ্যেই জাননী প্ৰেৰণ কৰিছে ডনবস্ক বিশ্ববিদ্যালয়ক ৷ কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাচতো আমচাঙৰ পৰিৱেশ সংবেদনশীল এলেকা (ইকো-জ'ন)ৰ ভিতৰত কিদৰে শিক্ষানুষ্ঠানখনে মাটি বেদখল কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে বনাঞ্চলখনৰ ওচৰ-পাজৰ এলেকাসমূহত বাস কৰা জনসাধাৰণ তথা একাংশ ছাত্ৰ সংগঠনে ৷

Last Updated : May 5, 2019, 10:10 PM IST

ABOUT THE AUTHOR

...view details