গুৱাহাটী,23মে': সষ্টম আৰু সতৰ্ক হৈ পৰিছে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ ৷ বৃহস্পতিবাৰে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নেমকেয়াৰ হাস্পাতালত এজন ৰোগীৰ দেহত COVID-19 প'জিটিভ পোৱাৰ পিছতে তৎপৰ হৈ পৰিছে মহানগৰী গুৱাহাটীৰ 22 খনকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ৷ প্ৰতিদিনে চিকিৎসাৰ বাবে অহা ৰোগী আৰু চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিভিন্ন সজাগতামূলক ব্যৱস্থা ৷ ৰোগীৰ চিকিৎসাৰ পূৰ্বে চিকিৎসালয়ৰ দুৱাৰতেই ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত পিপিই কিট পৰিধান কৰি আছুতীয়া কক্ষত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ৷ ইয়াৰ লগতে ৰোগীৰ লগত 1 জনকৈ আত্মীয়কহে চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৷
এই সম্পৰ্কত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত স্বাগত চিকিৎসালয়ৰ পৰিচালন সঞ্চালক তথা চিকিৎসক ডাঃ সুভাষ খান্নাই জানিবলৈ দিয়ে যে, চিকিৎসালয়ত অহাৰ পিছত সকলো চিকিৎসকে পিপিই কিট পৰিধান কৰি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে । এই মহামাৰীৰ সময়ত যাতে হাস্পতালৰ কোনো লোক COVID-19ত আক্ৰান্ত হ'ব লগা নহয় তাৰবাবে চিকিৎসালয়খনে বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷ ইয়াৰ উপৰিও তেওঁ নিজে চিচিটিভি কেমেৰাত সকলো নিৰীক্ষণ কৰি থকাৰ লগতে নিজ কক্ষৰ পৰাই ৰোগীৰ সুবিধা-অসুবিধা সম্পৰ্কে খবৰ লোৱাৰ কথা জানিবলৈ দি প্ৰতি ঘণ্টাৰ মূৰে-মূৰে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, হাত ধোৱা আদি সকলো সজাগতামূলক ঘোষণা আগবঢ়াই থকাৰ কথাও অৱগত কৰে ৷ লগতে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ ক্ষেত্ৰত সুকীয়া চিকিৎসকৰ ব্যৱস্থা কৰাৰ কথাও ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে স্বাগত চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ডাঃ সুভাষ খান্নাই ৷