গুৱাহাটী, ১৩ এপ্ৰিল: মহানগৰীৰ পল্টন বজাৰ থানাৰ অন্তৰ্গত ছাত্ৰীবাৰীত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ (Robbery in Guwahati) মাষ্টাৰ মাইণ্ড তাইজুদ্দিন আহমেদ আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱাৰ লগতে আন চাৰি ডকাইত আৰক্ষীৰ জালত পৰিছে (Robber dead in police encounter)। ধৃত চাৰি ডকাইত ক্ৰমে মনোৱাৰ হুছেইন, তাইজুৰ আলী, চিদ্দিক আলী, মহিবুল হক । এই কথা বুধবাৰে ক্ৰাইম ব্ৰাঞ্চত এক সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই জানিবলৈ দিয়ে ।
তেওঁ কয় যে ৪ এপ্ৰিলত ছাত্ৰীবাৰীত সংঘটিত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড তাইজুদ্দিন আহমেদক আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল । তেওঁ ব্লু ডাৰ্টৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল । বুধবাৰে নিশা আৰক্ষীয়ে তাইজুদ্দিনক লৈ ছিপাঝাৰৰ সানোৱাতাৰীত অভিযান চলায় । অভিযানত এটা ঘৰৰ ভিতৰৰ পৰা ৬০ হাজাৰ টকা উদ্ধাৰ কৰে । ইয়াৰ পাছতে আন এটা ঘৰৰ পৰা টকা উদ্ধাৰ কৰি দিব বুলি আৰক্ষীক লৈ যোৱা সময়তে সেই স্থানৰ পৰা পিষ্টল এটা উলিয়াই আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ।
ইয়াৰ প্ৰত্যুৰত আৰক্ষীয়ে তাইজুদ্দিনক লক্ষ্য কৰি গুলীচালনা কৰিবলগীয়া হয় । আৰক্ষীৰ গুলীত নিহত হয় তাইজুদ্দিন (Police encounter in Sipajhar )। আনহাতে আৰক্ষীৰ আন এটা অভিযানকাৰী দলে দক্ষিণ শালমাৰাত অভিযান চলাই আন চাৰি ডকাইতক গ্ৰেপ্তাৰ কৰে । এজন ডকাইতৰ ঘৰৰ পৰা গাঁত খান্দি পুটি থোৱা অৱস্থাত আ-অলংকাৰ উদ্ধাৰ কৰা হয় বুলি হৈছে বুলি পাৰ্থসাৰথি মহন্তই জানিবলৈ দিয়ে । এই সমগ্ৰ ডকাইতি কাণ্ডত ঘৰুৱা কাম কৰা মহিলা ভনী নাথে সহায় কৰিছিল ।
মহানগৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ এনকাউন্টাৰত নিহত বিগত চাৰি মাহ ধৰি ছাত্ৰীবাৰীৰ কিৰণশ্ৰী ৰেচিডেন্সিত গৌতম চাজেৰ ঘৰত কাম কৰি আছিলে ভনী নাথে ৷ ডকাইতি কাণ্ড(Chatribari Robbery Case) সংঘটিত হোৱাৰ সময়ত ভনী নাথো গৌতম চাজেৰ ঘৰতে আছিল । আৰক্ষীয়ে ইতিমধ্যে ভনী নাথক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে ৪ এপ্ৰিলত দিন দুপৰতে ছাত্ৰীবাৰীৰ কিৰণশ্ৰী ৰেচিডেন্সিৰ চতুৰ্থ মহলাত থকা গৌতম চাজেৰ ঘৰত প্ৰৱেশ কৰি ৫ দুৰ্বৃত্তই ডকাইতি কাণ্ড সংঘটিত কৰিছিল । নগদ ১১ লাখ টকা আৰু ২০ লাখ টকাৰ আ-অলংকাৰ লুটি লৈ গৈছিল ডকাইতৰ দলটোৱে ।
লগতে পঢ়ক:যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ADP মহাবিদ্যালয়ৰ অধ্যক্ষক আটক