অসম

assam

Rakesh Paul news update : মুকলি আকাশৰ তললৈ আহিল দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল

By

Published : Mar 28, 2023, 8:16 PM IST

Updated : Mar 28, 2023, 8:33 PM IST

মঙলবাৰে বিয়লি মুকলি আকাশৰ তললৈ আহিল দুৰ্নীতিৰ সদাগৰ ৰূপে পৰিচিত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল ৷ উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰাকেশ পালৰ (Former chairman of APSC granted bail) ৷ ৬ বছৰ ৪ মাহ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই অৱশেষত স্বস্তিৰ নিশ্বাস এৰিছে ৰাকেশ পালে ৷

Former chairman of APSC granted bail
দুৰ্নীতিৰ সদাগৰ ৰূপে পৰিচিত অভিযুক্ত ৰাকেশ পাল

দুৰ্নীতিৰ সদাগৰ ৰূপে পৰিচিত অভিযুক্ত ৰাকেশ পাল

গুৱাহাটী, ২৮ মাৰ্চ : অৱশেষত মুকলি আকাশৰ তললৈ আহিল অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল ৷ ৬ বছৰ ৪ মাহ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই মঙলবাৰে কয়দী জীৱনৰ পৰা মুক্তি পালে দুৰ্নীতিৰ সদাগৰ ৰূপে পৰিচিত অভিযুক্ত ৰাকেশ পালে (Former chairman of APSC granted bail)। কাৰাগাৰাৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে ধন্যবাদ জনালে ৰাকেশ পালে ।

ইফালে সাংবাদিকে অসম লোকসেৱা আয়োগৰ দুৰ্নীতি সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়, ‘‘মই এতিয়ালৈকে দোষী বুলি প্ৰমাণিত হোৱা নাই । মোৰ ঘটনাটো বৰ্তমানেও আদালৰ বিচাৰধীন প্ৰক্ৰিয়াৰ মাজত আছে ৷ আদালতে কিছু চুক্তি সাপেক্ষেহে মোক জামিন দিছে’’ । অৱশ্যে ঘটনা সন্দৰ্ভত ৰাকেশ পালৰ সৈতে আৰু কোন কোন জড়িত আছে সেই কথা কোৱাৰ পৰা তেওঁ বিৰত থাকে ৷

আনকি কাৰাগাৰৰ বন্দীত্ব জীৱন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘কেন্দ্ৰীয় কাৰাগাৰত বহু উন্নয়নমূলক কাম কৰাৰ সুযোগ পালো ৷ কাৰাগাৰত নামঘৰ, পাৰ্ক ‍আদি বনালো’’ ৷ ইফালে মঙলবাৰে বিয়লি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই এখন বিশেষ বাহনেৰে পোনে পোনে ৰাকেশ পাল পাঞ্জাবাৰীৰ ঘৰলৈ যোৱা বুলি জানিব পৰা গৈছে (APSC scam prime accused Rakesh Paul granted bail) ।

উল্লেখ্য যে, অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালতে ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল । ইয়াৰ লগে লগে ৰাকেশ পালৰ বিৰুদ্ধে এটাৰ পিচত আন এটাকৈ গোচৰ আৰোপ কৰা হৈছিল ৷ যাৰ ফলত দুৰ্নীতিৰ সদাগৰ স্বৰূপে পৰিচিত অভিযুক্ত হৈ ৰাকেশ পালে ৬ বছৰ ৪ মাহ কাৰাগাৰতে বন্দী হৈ থাকিব লগাত পৰিছিল ৷

অৱশেষত ৰাকেশ পালৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হোৱা কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি গোচৰটোত জামিন মঞ্জুৰ কৰে উচ্চ ন্যায়লয়ে । লগতে ১ লাখ টকা বণ্ড, দুজন জামিনদ্বাৰ আৰু পাছপ’ৰ্ট জমা দিয়াৰ চৰ্তত ৰাকেশ পালক জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ।

লগতে পঢ়ক :Assam APSC scam updates: ৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পালৰ

Last Updated : Mar 28, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details