মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা দুৰ্নীতিৰ সদাগৰ ৰূপে অভিযুক্ত ৰাকেশ পাল
গুৱাহাটী, ২৮ মাৰ্চ :আজি অৰ্থাৎ মঙলবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ (APSC scam prime accused Rakesh Paul)। ৬ বছৰৰ ৪ মাহ পাচত মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল ৷ ইতিমধ্যে বিশেষ আদালতত হাজিৰ কৰা হৈছে ৰাকেশ পালক । আজি বিয়লি ৬ বজাৰ পূৰ্বে যদি আদালতৰ সকলো কাম সম্পূৰ্ণ হয়, তেন্তে ৰাকেশ পাল মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হৈ পৰিছে (Former chairman of APSC granted bail) ।
উল্লেখ্য যে, জামিননামা প্ৰস্তুত নোহোৱাৰ বাবেই সোমবাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল দুৰ্নীতিৰ সদাগৰ স্বৰূপ ৰাকেশ পাল । সুদীৰ্ঘ ৬ বছৰ ৪ মাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে যদিও জামিন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম নহ’ল পালৰ অধিবক্তা ।
লগতে পঢ়ক :APSC Scam: APSC কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মন্ত্ৰীসভাই