গুৱাহাটী, ২ জানুৱাৰী : বিগত ৭ টা বছৰৰ দৰে এইবছৰো দেশৰ জনতাক নৰেন্দ্ৰ মােদী চৰকাৰে উপহাৰ স্বৰূপে দিছে মূল্যবৃদ্ধি । এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেত্রী আমী য়াজনিকৰ । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । মূল্যবৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, পহিলা জানুৱাৰী পৰা ৫ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰে লােৱা সিদ্ধান্তৰ ফলত তৈয়াৰী পােছাক-পৰিচ্ছদ আৰু কাপােৰৰ দাম আশাতীত হাৰত বৃদ্ধি পাব (Rise in clothing prices) ।
তাৎপর্যপূর্ণ কথা যে, কংগ্ৰেছ দল আৰু কংগ্ৰেছ-শাসিত ৰাজ্যসমূহে প্ৰৱল আপত্তি তােলাৰ বাবে আৰু ৫ ৰাজ্যৰ আহি থকা নির্বাচন (Upcoming election in 5 states of India) ত ইয়াৰ বিৰূপ প্ৰভাৱ নিশ্চিত বুলি অনুমান কৰি চৰকাৰে লৰালৰিকৈ এই জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত অহা ২৮ ফেব্ৰুৱাৰী পর্যন্ত স্থগিত ৰাখিছে । নির্বাচনৰ পটভূমিত এই তাৰিখ এমাহলৈ স্থগিত ৰখাৰ হয়তাে সিদ্ধান্ত হৈছে, ইয়াক বাতিল কৰাৰ সিদ্ধান্ত কিন্তু হােৱা নাই ।
অর্থাৎ নির্বাচনৰ ফলাফল বাহিৰ হােৱাৰ পিছতে জনতাক জুৰুলা কৰা এই কৰৰ হাৰ পুনৰ জাপি দিয়াৰ দুৱাৰ খােলা ৰখা হ'ল । তেওঁ কয় যে, জি এছ টিৰ এই অতিমাত্রা বৃদ্ধিয়ে সীমাহীনভাৱে উৎপাদন ব্যয় বৃদ্ধি কৰিব আৰু পৰিণতিত মূল আৰু আনুসাংগিক উদ্যোগসমূহৰ ১৫ লাখৰাে অধিক লােকে চাকৰি হেৰুৱাব । দেশৰ ৮০ শতাংশ বস্ত্র অসংগঠিত খণ্ডৰ পৰা উৎপাদিত হয় । আনহাতে, জি এছ টিৰ ফলত বৃদ্ধি পাব জোতা-চেন্দেলৰ দাম ।
জি এছ টিৰ হাৰ জোতা-চেন্দেলৰ ক্ষেত্ৰতাে ৫ৰ পৰা ১২ শতাংশ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত হৈছে (Price rise in footwear items) । উচ্চ হাৰৰ কৰ প্রৱর্তনে গ্রাহক আৰু উৎপাদনকাৰী উভয় পক্ষকে এক অনিশ্চয়তাৰ মাজলৈ লৈ যােৱাৰ এক পৰিৱেশ ইতিমধ্যে ৰচনা কৰিছেই বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, বজাৰত ব্যাপকভাৱে চলা সামগ্ৰীৰ দাম ১০ শতাংশ পর্যন্ত বৃদ্ধি পাব । নিত্যব্যৱহার্য সামগ্ৰীসমূহৰ দাম ৬ৰ পৰা ১০ শতাংশ পর্যন্ত বৃদ্ধি পাব ।