অসম

assam

Price Hike in Assam: বিকশিত অসমত আজিৰে পৰা ক'ত ক'ত বৃদ্ধি পালে মূল্য ?

By

Published : Apr 1, 2023, 2:25 PM IST

নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰে পৰা বৃদ্ধি পালে বিদ্যুৎ মাচুল, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্য। নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি । বিদ্যুৎ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট ভিত্তিত ভৰিব লাগিব অতিৰিক্ত দহ টকাকৈ। টোল কৰ ৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি। বন্ধ হ'ল অভিলাষী ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’ (Power Charges Increased in Assam)৷

Price Hike in Assam
বিকশিত অসমত আজিৰে পৰা ক'ত ক'ত বৃদ্ধি পালে মূল্য

গুৱাহাটী,১ এপ্ৰিলঃ এপ্ৰিল ফুল নহয় ৷ সঁচাকৈয়ে আজিৰে পৰা অৰ্থাৎ নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰে পৰা বৃদ্ধি পালে বিদ্যুৎ মাচুল, পৌৰকৰ, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্য (Essential Medicines Prices Hike in Assam) ৷ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতালৈ অহা বিজেপি চৰকাৰে এতিয়া সঘনাই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আহিছে (Petrol Price Hike in Assam) পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ আৰু খাদ্য-সামগ্ৰী আদিৰ উপৰিও বিদ্যুৎ মাচুল, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি কৰাত স্বাভাৱিকতে সাধাৰণ জনতাৰ মাজত ক্ষোভৰ উদগীৰণ হৈছে (Price Hike Impact In Assam) ৷

লক্ষণীয় বিষয় যে, এফালে চৰকাৰে অৰুণোদয় আচঁনিকে ধৰি বিভিন্ন হিতাধিকাৰী আচঁনিৰে দৰিদ্ৰ জনতাৰ বেংকত নূন্যতম ধন জমা দিয়াৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ জৰিয়তে তাতকৈ বহু বেচ পৰিমাণৰ ধন উলিয়াই নিছে ৷ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ চৰকাৰে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জনতাৰ ওপৰত জাপি দিছে ৷ আয়ৰ বিপৰীতে দিনক দিনে মূল্যবৃদ্ধিৰ বাবে ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাত সাধাৰণ জনতাৰ পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে(Price Rise of Essential Commodities in Assam)৷

নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰে পৰা ৰাজ্যত মূল্যবৃদ্ধিৰ জোৱাৰ

এনে এক পৰিস্থিতিৰ মাজতে আজিৰে পৰা পেৰাচিটামল, এন্টিবায়টিক, ফলিক এচিড, এনাস্থেচিয়াসহ ৩৮৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে (Medicine Price Hike In Assam)৷ উল্লেখ্য যে চৰকাৰে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিছিল ৷ চৰকাৰে বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ বাৰ্ষিক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মূল্য ১২.১২ শতাংশ বৃদ্ধি কৰে ৷ মন কৰিবলগীয়া যে ফাৰ্মা কোম্পানীবোৰে দীৰ্ঘদিন ধৰি বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী কৰি আহিছিল ৷

ইফালে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট ভিত্তিত ভৰিব লাগিব অতিৰিক্ত দহ টকাকৈ ৷ অসম বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ গ্ৰাহকৰ ফিক্সড চার্জ প্ৰতি মাহে প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে ৷ যাৰফলত সাধাৰণ বিদ্যুৎ গ্ৰাহকে পূৰ্বতে ফিক্সড চাৰ্জৰ বাবদ অতি কমেও ১২০ টকা পৰিশোধ কৰি আহিছিল যদিও এতিয়াৰে পৰা প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ প্ৰায় ৪০ টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব ৷ যিটো আজিৰে পৰা কাৰ্যকৰী হৈছে (Power Charges Increased in Assam) ৷

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বৃদ্ধি পাইছে টোল কৰ

সেইদৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বৃদ্ধি পাইছে টোল কৰ (Toll Tax Hike) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৭ খন টোলগেটত ৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে টোল কৰ ৷ উল্লেখ্য যে পূৰ্বতে লঘু ব্যক্তিগত বাহনে টোলগেট পাৰ হ‌ওঁতে ১৩০ টকা দিব লগা হৈছিল যদিও আজিৰে পৰা ১৩৫ টকা দিব লাগিব ৷ আকৌ একেটা দিনতে অহা যোৱাৰ বাবদ পূৰ্বৰ ১৯০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ২০০ টকা দিব লাগিব (Toll Tax Hike in Assam)৷

আনহাতে লঘু বাণিজ্যিক বাহনে পূৰ্বতে ২০৫ টকা দিব লগা হৈছিল যদিও আজিৰ পৰা ২১৫ টকা দিব লাগিব ৷ এদিনত অহা-যোৱাৰ বাবদ পূৰ্বৰ ৩১০ টকাৰ পৰিৱৰ্তে লঘু বাণিজ্যিক বাহনে ৩২৫ টকা দিব লাগিব।

এনে এক পৰিস্থিতিত মূল্যবৃদ্ধিৰ বাবে বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই ত্ৰাহি মধুসূদন দেখিব লাগিব সাধাৰণ নাগৰিকে ৷ ইফালে ৰাইজক ভাল দিনৰ সপোন দেখুৱাই যমৰ যাতনা দিয়া চৰকাৰখনে এটাৰ পাছত আনটোকৈ আঁচনি বন্ধ কৰি গৈছে ৷ মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰে ৰূপ‍য়ন কৰা ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’খন আজিৰে পৰা বন্ধ হৈছে ৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে আঁচনিখন প্ৰৱৰ্তন কৰিছিল ৷ এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ ক্ৰয় কৰিবলৈ ৪০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল ৷ কিন্ত মাত্ৰ কেইটামান বছৰৰ ভিতৰতে এই আঁচনিখন বন্ধ হ'ল (Arundhati Gold Scheme) ৷

লগতে পঢ়ক:Ranjit Kumar Das in Bongaigaon: দিল্লীতকৈও কম অসমৰ বিদ্যুৎ মাছুল: ৰঞ্জিত কুমাৰ দাস

ABOUT THE AUTHOR

...view details