অসম

assam

ETV Bharat / state

বজাৰত জুই; তাৰ মাজতে ৰাজ্যজুৰি পবিত্ৰ ঈদৰ প্ৰস্তুতি - Eid al fitr in Guwahati

পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ইছলাম ধৰ্মাৱলম্বী অসমৰ লোক সকলেও মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ ৷ সাধাৰণ জনতাই বহন কৰিব নোৱাৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই ম্লান পেলাইছে ঈদৰ আনন্দ ৷ সমান্তৰালকৈ মহানগৰীৰ বজাৰতো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ জনতাক (Price hike in Guwahati) ৷

price-hike-on-eid-al-fitr-in-guwahati
বজাৰত জুই : ৰাজ্যজুৰি পবিত্ৰ ঈদৰ প্ৰস্তুতি

By

Published : May 2, 2022, 8:51 PM IST

গুৱাহাটী, ২ মে' : কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ (Eid al fitr)। ক'ভিডসৃষ্ট দুটা বছৰৰ পাছত উলহ-মালহেৰে ঈদ-উল-ফিতৰ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মালম্বী ৰাইজ । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ঈদগাহ, মছজিদ, দৰগাহসমূহ জাক-জমকতাৰে সজায় পৰাই তোলা হৈছে । সুস্বাদু খাদ্যৰে ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ ৷

বজাৰত জুই : ৰাজ্যজুৰি পবিত্ৰ ঈদৰ প্ৰস্তুতি

পিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ঈদৰ বজাৰত (Price hike in Assam) ৷ ফলত ঈদৰ বজাৰ কৰিবলৈ ভয় হৈছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ মাজত (Price hike on Eid al fitr in Guwahati)। ঈদৰ অন্যতম গুৰুত্বপূৰ্ণ খাদ্য ছেৱৈ আৰু ড্ৰাই ফ্ৰুইটছৰ মূল্য ৩০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । যাৰ ফলত সামগ্ৰীৰ বিক্ৰী ৩০ৰ পৰা ৪০% হ্ৰাস পাইছে বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে ।

ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, বেংগল, বেনাৰস, পাটনা আদিৰ পৰা অনা হৈছে এই ছেৱৈ ৷ ছেৱৈ বনোৱা সামগ্ৰী সমূহৰ দাম বৃদ্ধি হোৱাৰ লগতে যাতায়তৰ খৰচো বৃদ্ধি পাইছে । যাৰ ফলত প্ৰতি কিলোগ্ৰাম ছেৱৈত ৩০% তকৈও অধিক মূল্যত বিক্ৰী হৈছে ৷ সম্প্ৰতি মহানগৰীৰ বজাৰত প্ৰতিকিলোগ্ৰাম ছেৱৈৰ মূল্য ১০০ টকাৰ পৰা আৰম্ভ হৈছে । সেয়া যি কি নহওক বজাৰত মূল্যবৃদ্ধিৰ জুয়ে দহিলেও বাধা নেওচি মুছলমান ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ ।

লগতে পঢ়ক :মহঙা ঈদৰ বজাৰ; মূৰে-কপালে হাত দিছে জনতাই

ABOUT THE AUTHOR

...view details