অসম

assam

ETV Bharat / state

বিজেপিয়ে "প্ৰেচাৰ পলিটিকচ" ভাল পায় বুলি কিয় ক'লে আমিনুল ইছলামে - এ আই ইউ ডি এফ

বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটা সময়ত লুই বাৰ্জাৰ, সাৰদা আদি কেলেংকাৰীৰ প্ৰেচাৰ পলিটিক্স বিজেপিয়ে কৰিছিল । একেই অৱস্থা দেখা গৈছিল বৰ্তমানৰ বিত্ত মন্ত্ৰী গৰাকীৰ ক্ষেত্ৰটো । জোৰকৈ বিজেপিলৈ আহিবলৈ বাধ্য কৰোৱা হয় । অৱশ্যে বিপিএফ দলটো সমূলঞ্চে বিজেপিত বিলীন হৈ গ’লেও ক’বলগীয়া একো নাই বুলি মন্তব্য কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।

বিজেপিয়ে "প্ৰেচাৰ পলিটিকচ" ভাল পায় কিয় ক'লে আমিনুল ইছলামে
বিজেপিয়ে "প্ৰেচাৰ পলিটিকচ" ভাল পায় কিয় ক'লে আমিনুল ইছলামে

By

Published : Jul 1, 2021, 9:04 PM IST

গুৱাহাটী, ১ জুলাই :কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ পৰা ইতিমধ্যে বিদায় লৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে । অৱশ্যে এই পৰ্যন্ত এই বিষয়ে বিপিএফে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলক কোনো কথা অৱগত কৰা নাই ৷ কিন্তু সংবাদ মাধ্যমৰ জড়িয়তে দলটোৰ কেইবাগৰাকীও নেতাই স্পষ্টকৈ ঘোষণা কৰিছে যে কংগ্ৰেছৰ মহাজোঁটত বিপিএফ আৰু নাই ।

এই প্ৰসংগক লৈ মহাজোঁটৰ অন্তৰ্ভুক্ত দলসমূহৰ মাজতো সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়া । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মন্তব্য কৰিছে যে, মহাজোঁটৰ পৰা বিদায় লোৱা নোলোৱা সন্দৰ্ভত বিপিএফৰ ফালৰ পৰা কোনো কথা কংগ্ৰেছক জনোৱা হোৱা নাই । ইপিনে বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআই ইউডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ।

বিজেপিয়ে "প্ৰেচাৰ পলিটিকচ" ভাল পায় কিয় ক'লে আমিনুল ইছলামে

তেওঁ কয় যে, মহাজোঁটৰ সভাত বিপিএফ কিয় উপস্থিত নাথাকিল সেই বিষয়ে তেওঁ অৱগত নহয় । কিন্তু মহাজোঁটৰ সংগ ত্যাগ ‌কৰি বিপিএফে বিজেপিৰ কাষ চপা প্ৰসংগত মন্তব্য প্ৰকাশ কৰি বিধায়ক গৰাকীয়ে কয় "এয়া বিজেপিৰ এক পুৰণি কৌশল । বিজেপিয়ে প্ৰেচাৰ পলিটিক্স ভাল পায়, সেয়েহে কোকৰাঝাৰত "নিয়া" (NIA)ৰ তদন্ত আৰম্ভ কৰি এনে প্ৰেচাৰ পলিটিক্স পুনৰ আৰম্ভ কৰিছে । এয়া কোনো নতুন কথা নহয় ’’।

বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওপৰতো এটা সময়ত লুই বাৰ্জাৰ, সাৰদা আদি কেলেংকাৰীৰ প্ৰেচাৰ পলিটিক্স বিজেপিয়ে কৰিছিল । একেই অৱস্থা দেখা গৈছিল বৰ্তমানৰ বিত্ত মন্ত্ৰী গৰাকীৰ ক্ষেত্ৰটো । জোৰকৈ বিজেপিলৈ আহিবলৈ বাধ্য কৰোৱা হয় । " অৱশ্যে বিপিএফ দলটো সমূলঞ্চে বিজেপিত বিলীন হৈ গ’লেও ক’বলগীয়া একো নাই বুলি মন্তব্য কৰে এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে ‌।

আনহাতে, ৰাজ্য চৰকাৰে নতুনকৈ বলবৎ কৰিব খোজা জনসংখ্যা নীতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমিনুল ইছলামে । তেওঁ কয় -" চৰকাৰে বলপূৰ্বক জনসংখ্যা নীতি জাপি দি যি কাম কৰিব খুজিছে এয়া সংবিধান বিৰোধী । ভাষাৰ ভিত্তিত, ধৰ্মৰ ভিত্তিত জনসংখ্যা নীতি হ’ব নোৱাৰে । উচ্চতম ন্যায়ালয়ে নিশ্চিতভাবে চৰকাৰৰ এনে প্ৰচেষ্টা ওফৰাই পেলাব । "

লগতে পঢ়কঃ কোন দিশে বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যৎ

ABOUT THE AUTHOR

...view details