গুৱাহাটী, 3 ডিচেম্বৰ: মঙলবাৰে আয়োজিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ সভাপতি গৰাকীয়ে কয় যে, কেবক লৈ সম্প্ৰতি সকলো যথেষ্ঠ উদ্বিগ্ন হৈ আছে । কেব বিষয়ত পূৰ্বৰ তুলনাত এতিয়া বহুখিনি পাৰ্থক্য আছে । তদুপৰি ৰাজনৈতিক দল সংগঠনৰ লগত মতামত বিনিময়ৰ সময়তে অমিত শ্বাহে কেব সম্পৰ্কত ৰাজবংশীক সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰে ৷ কেব সম্পৰ্কে ইতিমধ্যে ৩৫ টা সংগঠনৰ সৈতে মত বিনিময় কৰা হৈছে । কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত দ্বিতীয় অভিৱৰ্তন নোহোৱা পৰ্যন্ত কোনো পদক্ষেপ প্ৰযোজ্য কৰিব নোৱাৰি । কেবৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়েই বাহাল আছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমানেও ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰোধিতা অব্যাহত আছে ।
প্ৰদীপ দত্ত ৰায়ৰ মন্তব্য বঙালীৰ জাতীয় মন্তব্য নহয়; কেৱ বিৰোধী স্থিতিত অটল অসম সাহিত্য সভা - সুকুমাৰ বিশ্বাস
মঙলবাৰে আয়োজিত এক সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ কেবৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়েই বাহাল আছে বুলি সভাপতিগৰাকীয়ে কয় ৷ ইপিনে সংবাদমেলত উপস্থিত থাকে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সুকুমাৰ বিশ্বাস ৷
ইপিনে সংবাদমেলখনত উপস্থিত থাকে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিসুকুমাৰ বিশ্বাস ৷ কিছুদিনপূৰ্বে অসমীয়া ভাষাক লৈ বৰাকৰ প্ৰদীপ দত্ত ৰায়ে প্ৰকাশ কৰা বিতৰ্কিত মন্তব্যই সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখনত অংশ লৈ বিশ্বাসে প্ৰদীপ দত্ত ৰায়ৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে, ‘এয়া বঙালীৰ জাতীয় বক্তব্য নহয় । ৰায়ৰ বক্তব্যই আমাক মৰ্মাহত কৰিছে’ ৷ তদুপৰি এই মন্তব্যই ব্ৰহ্মপুত্ৰ-বৰাকৰ সম্প্ৰীতি বিনষ্ট কৰাৰ কথাও উল্লেখ কৰে বঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে ৷ অসমৰ ৰাজ্যিক অসমীয়া, ইয়াৰ ক্ষেত্ৰত কোনো অনিশ্চয়তা থাকিব নোৱাৰে বুলি বিশ্বাসে মন্তব্য কৰে ৷ আনহাতে শিক্ষাৰ ক্ষেত্ৰত ভাষা কোনোপ্ৰকাৰে অন্তৰায় নহয় বুলি তেওঁ দাবী কৰে ৷ ইয়াৰোপৰি ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰাৰ বাবে প্ৰদীপ দত্ত ৰায়ক কঠোৰ সকীয়নি প্ৰদান কৰে ৷ নহ’লে এইক্ষেত্ৰত ৰায়ে প্ৰতিবাদৰ সন্মুখীন হ'ব বুলি উল্লেখ কৰে ৷
লগতে চাওক:যোৰহাটত গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা