গুৱাহাটী,7 মে’ঃবৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত স্বাস্থ্য তথা শিক্ষা বিভাগক সামৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে,অসমৰ প্ৰায় 25 হাজাৰ গাঁৱত জ্বৰ,কাহত আক্ৰান্ত ৰোগী আছে ৷ এইসকল ৰোগীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হ’ব ৷ লগতে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ ওপৰত নজৰ ৰাখিব স্বাস্থ্য কৰ্মী আৰু আশা কৰ্মীসকলে ৷
বৰ্তমান সময়লৈ ভাৰতত Covid 19 ত 28 শতাংশ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে বিশ্বত আৰোগ্য লাভ কৰিছে 34 শতাংশ লোকে । অসমত 45 গৰাকী কৰ’ণা ৰোগী পোৱা গৈছিল যদিও বৰ্তমানলৈ 75.56 % ৰোগীয়ে আৰোগ্য লাভ কৰিছে যাৰ মৰটেলিটি মাত্ৰ 2.2 শতাংশ । আনহাতে ৰাজ্যত প্ৰায় 14000 লোকক চেমপুল টেষ্ট কৰা হৈছে আৰু টেষ্টিং লেবৰ সংখ্যা 7 টালৈ বৃদ্ধি হৈছে । ইতিমধ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহকো লেব স্থাপনৰ বাবে আহ্বান জনোৱা হৈছে । দুটা চৰকাৰী লেব স্থাপনৰ কাম বৰ্তমান চলি আছে বুলি শৰ্মাই কয় ।
ইয়াৰোপৰি প্ৰতিদিনে ৫০০ ৰ পৰা ১০০০ লোকক হে বহিঃৰাজ্যৰ পৰা আহিবলৈ অনুমতি দিয়া হ'ব । যি সকল ৰেড জ’নৰ পৰা আহিব ঘৰত কোৱাৰেণ্টাইন কৰা হ’ব । বহিঃৰাজ্যত থকা ২৯,৭৭৭০ গৰাকী ব্যক্তিক ২০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ তদুপৰি মাস্ক ব্যৱহাৰ নকৰিলে ৫০০ টকা জৰিমনা বিহিব প্ৰতিজন লোকক বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷ লগতে শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহা পোৱাটো নিশ্চিন্ত হ'ব ।