অসম

assam

ETV Bharat / state

ভয়ংকৰ গণ-সংক্ৰমণৰ দিশে গুৱাহাটী:ৱাৰ্ড পৰ্যায়ত লক ডাউন ঘোষণা হিমন্ত বিশ্বৰ - সংবাদমেল

সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ গুৱাহাটীত কৰ’ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা স্বীকাৰ কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভ্ৰমণ বৃত্তান্ত নথকা শতাধিক আক্ৰান্তক চিনাক্ত কৰাৰ কথা প্ৰকাশ কৰে ৷

Pressmeet of himanta biswa sarma guwahati assam etv bharat news
সংবাদমেল সম্বোধন স্বাস্থ্য মন্ত্ৰীৰ

By

Published : Jun 22, 2020, 8:59 PM IST

গুৱাহাটী,২২ জুন: সমগ্ৰ অসমৰ ভিতৰতে ৰাজধানী চহৰ গুৱাহাটীত কৰ’ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এই কথা স্বীকাৰ কৰিলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে বিয়লি এখন সংবাদমেলত ভাগ লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে,15 জুনৰ পৰা আজিলৈকে মাত্ৰ এইকেইটা দিনতে সমগ্ৰ গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে 144 জন কৰ’ণাত আক্ৰান্ত ৰোগী, যাৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই । সেয়ে বিষয়টো নিত্যান্তই চিন্তনীয় । কেৱল দেওবাৰৰ দিনটোতে গুৱাহাটীত ভ্ৰমণ বৃত্তান্ত নথকা শতাধিক কৰ’ণা আক্ৰান্ত ৰোগী চিনাক্ত হৈছে । মহানগৰীৰ পৰিস্থিতি ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে সেয়েহে যিবিলাক অঞ্চলত সংক্ৰমণ ব্যাপক হাৰত বাঢ়িছে সেইবিলাক অঞ্চল লক ডাউন কৰিবলৈ সিদ্ধান্ত লৈছে । অৱশ্যে ৱাৰ্ড পৰ্যায়ত হ’ব লগা এই লক ডাউন কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰিব কামৰূপ(মহানগৰ) জিলা প্ৰশাসনে ।

অন্য ৰাজ্যৰ তুলনাত অসমত সুস্থ হোৱাৰ হাৰ বহুগুণে উন্নত

প্ৰথম পৰ্যায়ত সাত দিনৰ বাবে লক ডাউন ঘোষণা কৰা হ’ব আৰু প্ৰয়োজন সাপেক্ষে ইয়াক পুনৰ বৃদ্ধি কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই কয় ৷ গুৱাহাটী মহানগৰীৰ ২,৩,৪,৫,১০,১৫ আৰু ১৬ নম্বৰ ৱাৰ্ড কেইটাত অধিক পৰিমাণে সংক্ৰমণ ধৰা পৰিছে । থানা হিচাপে জালুকবাৰী থানাৰ অধীনত ৩১ জন, ফটাশিল আমবাৰী থানাৰ অধীনত ৬৯ জন, ভৰলুমুখ থানাৰ অধীনত ৫১ জন আৰু পাণবজাৰ থানাৰ অধীনত ২৫ জন পজিটিভ ৰোগী চিনাক্ত হৈছে । আনহাতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কোভিড পৰীক্ষাৰ বাবে ১২ টা স্ক্ৰীনিং চেণ্টাৰ স্থাপন কৰা হৈছিল যদিও বুধবাৰৰ পৰা প্ৰতিটো ৱাৰ্ডতে একোটাকৈ মুঠ ৩১টা স্ক্ৰীনিং চেণ্টাৰ সক্ৰিয় হৈ উঠিব । বিভিন্ন বিদ্যালয়ত স্থাপন কৰা হব এই কোভিড স্ক্ৰীনিং চেণ্টাৰসমূহ । একেদৰে,বৰ্তমানে গুৱাহাটীত থকা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহ কোভিড কেয়াৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় ৷

২৩ জুনৰ পৰা অসমলৈ কৃষক-শ্ৰমিক এক্সপ্ৰেছ ৰেল অহাটো বন্ধ হ’ব

সংবাদমেলখনত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, আজিৰ তাৰিখত অসমত কোভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে ৫,৫৮৬ গৰাকী । ইয়াৰে ২,১৭০ গৰাকী এতিয়াও চিকিৎসাধীন আৰু ৩,৫২১ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে । অসমত সুস্থ হৈ উঠা ৰোগীৰ হাৰ হৈছে ৬৩.৩১ শতাংশ । মৃত্যুৰ হাৰ অসমত আন ৰাজ্যৰ তুলনাত বহু কম অৰ্থাৎ প্ৰায় ০.১৬ শতাংশ । ২৩ জুনৰ পৰা অসমলৈ কৃষক-শ্ৰমিক এক্সপ্ৰেছ ৰেল অহাটো যিহেতু বন্ধ হ’ব সেয়ে আশা কৰা হৈছে ৰাজ্যখন এক স্থিৰ অৱস্থাত উপনীত হ’ব । এই পৰ্যন্ত ২ লাখ ৪৩ হাজাৰ ৪১৪ গৰাকী লোক অসমলৈ আহিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । বৰ্তমানলৈকে অসমলৈ আহিছে ১৭৩ খন ৰে’ল আৰু ৭১১ খন বিমান । ইতিমধ্যে অসমত ৩ লাখ লোকৰ স্বাৱ পৰীক্ষা প্ৰায় সম্পূৰ্ণ হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

গুৱাহাটীত কৰ’ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা স্বীকাৰ

দেওবাৰৰ দিনটোতে গুৱাহাটী মহানগৰীত সৰ্বাধিক ৩৩১ গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাটো চিন্তনীয় বিষয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে,সোমবাৰৰ সংবাদমেলত মণিপুৰৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে,দুই-এদিনৰ ভিতৰতে মণিপুৰৰ ৰাজনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ উঠিব । বিজেপিৰ বাবে এয়া কোনো চিন্তাৰ কাৰণ নহয় । মঙলবাৰে পুনৰ ইম্ফললৈ মন্ত্ৰীগৰাকী ৰাওনা হোৱাৰ কথা সংবাদমেলখনত প্ৰকাশ কৰে ৷

লগতে চাওকঃকানপুৰঃ চৰকাৰী শিশু আশ্ৰয় গৃহত ৫৭ গৰাকী যুৱতীৰ কৰ'ণাত আক্ৰান্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details