অসম

assam

ETV Bharat / state

আমি একেলগে মিলি চৰকাৰ গঠন কৰিমঃ তৰুণ গগৈ - সংবাদমেল

বুধবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তুলা-ধূনা দিয়ে গগৈয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থকাৰ বাবে এইবাৰ মাঘৰ বিহুত দেখা নগ’ল ৰাইজৰ মাজত পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা ৷ সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তৰুণ গগৈ
সংবাদমেল সম্বোধন তৰুণ গগৈৰ

By

Published : Jan 16, 2020, 5:07 PM IST

গুৱাহাটী,16 জানুৱাৰীঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ। বুধবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তুলা-ধূনা দিয়ে গগৈয়ে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থকাৰ বাবে এইবাৰ মাঘৰ বিহুত দেখা নগ’ল ৰাইজৰ মাজত পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা ৷ সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ইয়াৰ বাবে গগৈয়ে সম্পূৰ্ণৰূপে জগৰীয়া কৰে বিজেপি দলক।

সংবাদমেল সম্বোধন তৰুণ গগৈৰ

উল্লেখ্য যে, বিজেপিৰ ভুল নীতিৰ ফলতে অসমীয়া ৰাইজৰ মনত ক্ষোভৰ জুই উদ্গীৰণ হোৱা বুলি গগৈয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাইজৰ মনৰ জুই নুমুৱাৰ সলনি ঘিউহে ঢালিছে বুলি সংবাদমেল খনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক কঠোৰ সমালোচনা কৰে ৷ অসমীয়া ৰাইজৰ লগতে দেশবাসীৰ সংগ্ৰাম অনাগত দিনটো অব্যাহত থাকিব বুলি মন্তব্য কৰি গগৈয়ে নাগৰিকত্ব সংশোধনী আন্দোলনত সকলো স্তৰৰ ৰাইজে স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷

ইপিনে,কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক সমালোচনা কৰি গগৈয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰতে ৰাৱণ বধৰ যজ্ঞ চলাৰ কথা প্ৰকাশ কৰে ৷ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গগৈয়ে কিছু ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰে ৷ ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাটো ভাল বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷ বিশেষকৈ নতুন ৰাজনৈতিক দলৰ লগত বুজাবুজি কৰাৰ কথা উনুকিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। গগৈয়ে কয়,"আমি একেলগে মিলি চৰকাৰ গঠন কৰিম,কংগ্ৰেছৰ অবিহনে ৰাজ্যত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে"৷

লগতে চাওকঃঅৰুণাচলত তিনিটা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ

ABOUT THE AUTHOR

...view details