পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে ৰুজু হ’ব গোচৰ:ভাস্কৰজ্যোতি মহন্ত - পি কে আৰু দিবন ডেকাৰ স্থিতি সন্দৰ্ভত নজৰ
14:12 September 28
পি কে আৰু দিবন ডেকাৰ স্থিতি সন্দৰ্ভত নজৰ
গুৱাহাটী,28 ছেপ্তেম্বৰ:অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ উক্ত সংবাদমেলৰ জৰিয়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত আলোচনা কৰে মহন্তই ৷ সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, এই কেলেংকাৰীত নাম সাঙোৰ খোৱা পি কে দত্তৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল অনুজ্ঞাৰ ম্যাদ উকলা .32 পিষ্টল আৰু সজীৱ গুলী ৷ এই পিষ্টলটোৰ অনুজ্ঞাৰ ম্যাদ উকলিছিল 23 মাৰ্চতে ৷ লগতে দত্তৰ ঘৰৰ পৰা 8.5 কেজিৰ পৰিৱৰ্তে 1.5 কেজি সোণ জব্দ কৰা হৈছিল বুলি মহন্তই প্ৰকাশ কৰে ৷
ইতিমধ্যে,ভাৰত-নেপাল সীমান্তত নজৰ ৰখা হৈছে পি কে আৰু দিবন ডেকাৰ স্থিতি সন্দৰ্ভত ৷ অভিযুক্ত পি কে দত্তৰ পত্নী সম্প্ৰতি নেপালত থকাৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে ৷ দুয়োগৰাকী ব্যক্তিৰ সন্ধান দিব পৰাজনক পুৰস্কৃত কৰিব অসম আৰক্ষীয়ে ৷ উক্ত সংবাদমেলত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ সৈতে উপস্থিত থাকে এডিজিপি জি পি সিং আৰু চিআইডি-ৰ আইজিপি সুৰেন্দ্ৰ কুমাৰ ৷ ইফালে পি কে দত্তৰ পৰ্বতসম সম্পত্তিৰ অনুসন্ধানৰ বাবে গোচৰ ৰুজু কৰ হ’ব বুলি প্ৰকাশ কৰিছে মহন্তই ৷ উল্লেখ্য যে, চাকৰি কালতে দত্তই বৃদ্ধি কৰিছিল সম্পত্তিৰ পৰিসীমা ৷